ভাৰত মবিলিটী গ্লবেল এক্সপ’ ২০২৫ত  জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ সেউজ দৃষ্টিভংগীক উচ্চ প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

24

ভাৰত মবিলিটী গ্লবেল এক্সপ’ ২০২৫ত জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই বহনক্ষম গতিশীলতাৰ ক্ষেত্ৰত নিজৰ শেহতীয়া উদ্ভাৱনসমূহ উন্মোচন কৰে, এই সমাৰোহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ‘ড্ৰাইভ.ফিউচাৰ’ থিমৰ পেভিলিয়ন পৰিদৰ্শন কৰে। জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই গতিশীলতাৰ ভৱিষ্যৎ গঢ় দিয়া পৰিৱেশ-অনুকূল, প্ৰযুক্তি-চালিত সমাধানৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে। জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ সঞ্চালক পাৰ্থ জিন্দাল আৰু মুখ্য কাৰ্যবাহী বিষয়া এমেৰিটাছ ৰাজীৱ চাবাই প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই অটনমাছ ড্ৰাইভিং, কৃত্ৰিম বুদ্ধিমত্তা আৰু সংযুক্ত পৰিৱেশ তন্ত্ৰৰ দৰে শেহতীয়া প্ৰযুক্তিৰে সজ্জিত অত্যাধুনিক বৈদ্যুতিক আৰু হাইব্ৰিড বাহন উপস্থাপন কৰে।

অনুষ্ঠানত নিজৰ অভিমত প্ৰকাশ কৰি পাৰ্থ জিন্দালে কয় যে, “আমাৰ উদ্ভাৱনীমূলক গতিশীলতা সমাধানৰ জৰিয়তে ভাৰতৰ সেউজ আৰু স্মাৰ্ট ভৱিষ্যতৰ দৃষ্টিভংগীৰ সৈতে একাকাৰ কৰি আমি যথেষ্ট গৌৰৱান্বিত।” এক্সপ’ৰ সময়ত প্ৰধানকৈ হোৱা আলোচনাবোৰৰ ভিতৰত আছিল “কমিউনিটি চাৰ্জাৰ” আৰু আৱাসিক ইভি আন্তঃগাঁথনিৰ প্ৰতিবন্ধকতাসমূহ সমাধান কৰাৰ বাবে “চাৰ্জ কৰাৰ অধিকাৰ” পলিচী আদি। ভাৰতৰ বৈদ্যুতিক বাহন বিপ্লৱত গুৱাহাটীৰ লগতে অসমেও এক গুৰুত্বপূৰ্ণ অঞ্চল ৰূপে আত্মপ্ৰকাশ কৰিছে।

গ্ৰাহক সজাগতা বৃদ্ধি, ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা আৰু ই ভি চাৰ্জিঙৰ বাবে বৰ্ধিত আন্তঃগাঁথনিৰ ফলত চহৰখনত চাহিদা বৃদ্ধি পাইছে, যাৰ ফলত জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ দৰে বাহন প্ৰস্তুতসকলৰ বাবে এক কৌশলগত কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিষ্ঠানটোৰ প্ৰয়াসক প্ৰশংসা কৰে আৰু ভাৰতৰ বহনক্ষমতা তথা অৰ্থনৈতিক লক্ষ্যসমূহ আগবঢ়োৱাত উদ্ভাৱন আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।