আজি অৰ্থাৎ শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ আনুষ্ঠানিকভাৱে মুকলি কৰিব ৷ আজিৰে পৰা সেৱা তীৰ্থ হ’ব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন ঠিকনা ৷প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়টো নতুন ঠিকনালৈ স্থানান্তৰিত হ’লে অৱসান ঘটিব এটা যুগৰ ৷ ১৯৪৭ চনত দেশৰ স্বাধীনতাৰ পিছৰে পৰা ৰাইছিনা হিলছৰ দক্ষিণ ব্লকতে আছিল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়টো ।
