ঘানাৰ ৰাজধানী আক্ৰাত অনুষ্ঠিত এক কাৰ্যসূচীত ৰাষ্ট্ৰপতি মহামাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঘানাৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ৰে সন্মানিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মান ভাৰতৰ নাগৰিকক উৎসৰ্গা কৰাৰ লগতে ইয়াৰ বাবে ঘানাক ধন্যবাদ জনায়।এইটোৱেই হৈছে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম ঘানা ভ্ৰমণ। তিনি দশকৰ ভিতৰত এয়া প্ৰথমবাৰৰ বাবে ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিছে। ঘানাত প্ৰধানমন্ত্ৰী মোদীক গাৰ্ড অৱ অনাৰৰ লগতে ২১ বন্দুকৰ চেলুট দিয়া হয়।
