উত্তৰাখণ্ডৰ উত্তৰকাশীত সংঘটিত হৈছে হেলিকপ্টাৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। হেলিকপ্টাৰখনত ৭ জন লোক আছিল।এই ঘটনাৰ তথ্য লাভ কৰাৰ পিছত উত্তৰকাশী জিলাৰ জিলা আয়ুক্তগৰাকী সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। এই দুৰ্ঘটনাত আহজনক উদ্ধাৰ কৰা হৈছে। তাৰ পাছতেই আহতজনক কাষৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।হেলিকপ্টাৰ দুৰ্ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত জানিব পৰা নাই যদিও ইয়াৰ তদন্ত আৰম্ভ হৈছে।অৱশ্যে প্ৰাৰম্ভিকতে সন্দেহ কৰা হৈছে কোনো কাৰিকৰী বিজুটিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।
