উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত আৰু বাণিজ্যিক সংযোগ ব্যৱস্থাত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে শিলিগুৰিৰ পৰা গুৱাহাটীলৈ নিৰ্মাণ কৰিব এটা উচ্চ গতিৰ প্ৰৱেশ নিয়ন্ত্ৰিত কৰিডৰ। বুধবাৰে ৰাজ্যসভাৰ প্ৰশ্নোত্তৰ কালত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কথা সদৰী কৰে।
পশ্চিমবংগৰ বিজেপি সাংসদ সমীক ভট্টাচাৰ্যই উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে প্ৰকাশ কৰামতে প্ৰায় ৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰস্তাৱিত কৰিডৰটোৱে দেশৰ মূল ভূখণ্ডৰ সৈতে উত্তৰ-পূবৰ যোগাযোগ ক্ষিপ্ৰতৰ কৰিব। লক্ষণীয়ভাৱে প্ৰকল্পটোৰ কাম বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু বিস্তাৰিত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ ইতিমধ্যে পৰামৰ্শদাতা নিয়োগ কৰা হৈছে।
চলিত বৰ্ষৰ ভিতৰতেই ডি পি আৰ সাজু হৈ উঠাৰ সম্ভাৱনা আছে। এই প্ৰতিবেদন সম্পূৰ্ণ হোৱাৰ পিচতেই চৰকাৰে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় আনুমানিক ব্যয় আৰু নিৰ্মাণৰ সময়সীমা চূড়ান্ত কৰা হ’ব বুলি গাডকাৰীয়ে সদনক অৱগত কৰে।
বিশেষকৈ এই অভিলাষী প্ৰকল্পই কেৱল যাত্ৰাৰ সময়েই নহয়, সামগ্ৰী পৰিবহণৰ ব্যয়ো লাঘৱ কৰিব বুলি আশা কৰা হৈছে। এই নতুন কৰিডৰে চিকেন নেক কৰিডৰৰ ওপৰত থকা হেঁচা হ্ৰাস কৰি উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতিলৈ নতুন গতি আনিব।
