ভাৰত হৈছে প্ৰায় ১০০ মিলিয়ন জ্যেষ্ঠ নাগৰিকৰ বাসস্থান, কিন্তু দুৰ্ভাগ্যজনকভাৱে সকলোৰে সুলভ মূল্যৰ স্বাস্থ্যসেৱাৰ সুবিধা নাই। এই অভাৱ পূৰণ কৰাৰ প্ৰয়োজনীয়তাৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতত বিগত ৪৫ বছৰ ধৰি বয়সীয়াল লোক আৰু প্ৰাপ্তবয়স্কৰ বাবে কাম কৰা আগশাৰীৰ দাতব্য সংস্থা পি এণ্ড জি হেল্থ আৰু হেল্পএজ ইণ্ডিয়াই ‘বৃদ্ধসকলৰ বাবে স্বাস্থ্যৰ উপহাৰ’ নামৰ এক মোবাইল হেল্থকেয়াৰ ইউনিট (এমএইচইউ) আৰম্ভ কৰি গুৱাহাটীলৈ সেৱা সম্প্ৰসাৰণ কৰিছে। এই কাৰ্যসূচীয়ে গুৱাহাটীৰ আশে-পাশে থকা দূৰৱৰ্তী অঞ্চলৰ বঞ্চিত বৃদ্ধ লোকসকলক বহনক্ষম স্বাস্থ্যসেৱাৰ সমাধান আৰু জৰুৰীকালীন সাহায্য প্ৰদান কৰাত সহায় কৰিব।
এম এইচ ইউয়ে কেৱল বিনামূলীয়া চিকিৎসা, ঔষধ আৰু বিস্তৃত পৰামৰ্শ প্ৰদান কৰাই নহয়, বৃদ্ধ লোকসকলৰ বাবে চিকিৎসালয়ৰ দীঘলীয়া শাৰী, পৰিবহণ খৰচ আৰু ঔষধৰ খৰচৰ বোজা লাঘৱ কৰে। এম এইচ ইউৰ দলটোৱে বয়োজ্যেষ্ঠ লোকসকলৰ স্বাস্থ্যৰ ওপৰত অহৰহ নিৰীক্ষণ কৰে। হিতাধিকাৰীসকলক স্বাস্থ্য কাৰ্ড প্ৰদান কৰা হয় আৰু লগতে মানুহৰ চিকিৎসাৰ ৰেকৰ্ডো ৰাখে। ইয়াৰ লগতে প্ৰাথমিক ৰোগ নিৰ্ণয়, চিকিৎসকৰ ঘৰলৈ যোৱা (বিচনাত শয্যাশায়ী ৰোগীৰ ক্ষেত্ৰত), গুৰুতৰ ৰোগী, বৃদ্ধ, পৰিয়ালৰ সদস্য আৰু যত্ন লোৱা লোকৰ পৰামৰ্শ আদিও গ্ৰহণ কৰে। পিএণ্ডজি হেল্থৰ চি এছ আৰ প্ৰগ্ৰেম ‘চেহট’ৰ অধীনত যোৱা দুবছৰত এই কাৰ্যসূচীয়ে ভাৰতৰ ১০,০০০ৰো অধিক চিকিৎসা সেৱাৰ সমৰ্থন আগবঢ়োৱাৰ লগতে সমগ্ৰ দেশৰ ২২,০০০ৰো অধিক জ্যেষ্ঠ নাগৰিকৰ চিকিৎসা কৰিছে।
এই বিষয়ে প্ৰক্টেৰ এণ্ড গেম্বল হেল্থ লিমিটেডৰ পৰিচালন সঞ্চালক মিলিন্দ থাটে কয় যে, “আমি ‘ছেহট’ৰ জৰিয়তে আমাৰ প্ৰয়াস অব্যাহত ৰাখিম, যাৰ দ্বাৰা সমাজৰ সকলো স্তৰতে অধিক লোকে স্বাস্থ্যৱান জীৱন যাপন কৰিবলৈ সুবিধা লাভ কৰিব পাৰে।”