শিৱসাগৰত অ’এনজিচি-সমৰ্থিত ছ্যু-কা-ফা হাস্পতাল উদ্বোধন কৰি পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, গৃহনিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত হৰদীপ সিং পুৰীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ দৃঢ়তাৰ দ্বাৰা উদ্বুদ্ধ হৈ চৰকাৰ আৰু অ’এনজিচিৰ দৰে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ এই অঞ্চলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে সংকল্পবদ্ধ। স্বাস্থ্যসেৱাক অগ্ৰাধিকাৰ দি অত্যাধুনিক চিকিৎসা আন্তঃগাঁথনিৰে নিৰ্মাণ কৰা অ’এনজিচি ছ্যু-কা-ফা হাস্পতালে কেৱল উজনি অসমৰ নহয়, সমগ্ৰ উত্তৰ-পূবৰ স্বাস্থ্যসেৱাৰ ক্ষমতা বৃদধি কৰিব। মাল্টি-স্পেচিয়েল্টি চিকিৎসালয়খন উদ্বোধন কৰাৰ পাছত এখন ৰাজহুৱা সভা সম্বোধন কৰি তেওঁ এনেদৰে মন্তব্য কৰে।
উদ্বোধনী অনুষ্ঠানত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত ৰামেশ্বৰ তেলী উপস্থিত থাকি কয় যে অ’এনজিচিৰ চিএছআৰ প্ৰকল্পৰ অধীনত নিৰ্মিত অত্যাধুনিক সেৱাসম্পন্ন ছ্যু-কা-ফা হাস্পতালে এই অঞ্চলৰ জনগণক যথেষ্ট উপকৃত কৰিব।মুঠ ৪৮৩.১৯ কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰা এই মাল্টি স্পেচিয়েলিটি হাস্পতালখনে অ’এনজিচিৰ স্থানীয় লোকৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাকে প্ৰতীয়মান কৰে। এই হাস্পতালখনৰ জৰিয়তে বছৰি এক লাখৰো অধিক ৰোগীক স্বাস্থ্যসেৱা সেৱা প্ৰদান কৰাৰ আশা কৰা হৈছে।এই হাস্পতালখন পৰিচালন কৰিব ড০ বাবাচাহেব আম্বেদকাৰ বৈদ্যকীয় প্ৰতিষ্ঠান চমুকৈ বিএভিপিয়ে। ৩৫ একৰ ভূমিত বিস্তৃত এই অত্যাধুনিক চিকিৎসালয়খনত ৩৫০ খন বিচনা, আৰু ৭০ জন বিশেষজ্ঞ চিকিৎসকৰ এটা দলে অৰ্থপেডিকছ, ট্ৰমা, পেডিয়াট্ৰিক এন আই চি ইউ, স্ত্ৰীৰোগ আৰু প্ৰসূতি, ই এন টি, স্কাল বেছ অস্ত্ৰোপচাৰ, ফিজিঅ’থেৰাপি, আৰু উন্নত ডায়েগনষ্টিকছ সেৱা আগবঢ়ায়। ইয়াত মডিউলাৰ অপাৰেচন থিয়েটাৰ, এটা জটিল যত্ন ইউনিট, আৰু টেলিমেডিচিন আছে, যিয়ে ৰোগীক দেশজুৰি বিশেষজ্ঞ স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ সৈতে সংযোগ কৰে।
এই অ’এনজিচি ছ্যু-কা-ফা হাস্পতালখন অসম তথা চুবুৰীয়া ৰাজ্যৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী সংযোজন হিচাপে বিবেচিত হৈছে। এতিয়াৰে পৰা স্থানীয় ৰাইজে উন্নত চিকিৎসাৰ বাবে বাডিব্ৰুগড়লৈ যোৱাৰ প্ৰয়োজন নহ’ব।এই চিকিৎসালয়খন ৰাজ্যখনৰ আৰ্থ-সামাজিকভাৱে পিছপৰা লোকৰ কল্যাণৰ বাবে উচৰ্গিত। অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, অ’এনজিচিৰ অধ্যক্ষ আৰু চিইঅ’ অৰুণ কুমাৰ সিঙৰ লগতে স্থানীয় বিধায়ক সুশান্ত বৰগোহাঁই, বিএভিপি ন্যাসৰ অধ্যক্ষ ডা০ সতীশ কুলকাৰ্ণীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।