অহা ৩১ মাৰ্চৰ পৰা আৰু কিছুমান বাবে উপলব্ধ নহ’ব পেট্ৰ’ল আৰু ডিজেল। তেল ডিপোৰ পৰা পেট্ৰ’ল তথা ডিজেল ক্ৰয় কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হ’ব কিছুমান বাহনৰ ওপৰত। চৰকাৰে গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ।

এই সিদ্ধান্ত অনুসৰি ৩১ মাৰ্চৰ পিছৰ পৰা ১৫ বছৰ পুৰণি পেট্ৰ’ল চালিত বাহন আৰু ১০ বছৰ পুৰণি ডিজেল চালিত বাহনে তেল ডিপোত নাপাব ইন্ধন।

অৱশ্যে এই সিদ্ধান্তত অসমবাসী চিন্তিত হোৱাৰ কাৰণ নাই। কিয়নো অসম চৰকাৰে নহয়, দিল্লী চৰকাৰেহে ঘোষণা কৰিছে বাহন সন্দৰ্ভত এনে সিদ্ধান্ত।

শনিবাৰে দিল্লীৰ পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই কয় যে ৩১ মাৰ্চৰ পৰা ক্ৰমে ১৫ আৰু ১০ বছৰৰ ওপৰৰ পেট্ৰ’ল আৰু ডিজেল বাহনে তেল ডিপোৰ পৰা পেট্ৰ’ল বা ডিজেল ক্ৰয় কৰিব নোৱাৰিব।

ইতিমধ্যে পৰিৱেশ মন্ত্ৰালয়ে এই সন্দৰ্ভত দিল্লীৰ প্ৰতিটো তেল ডিপোলৈ অধিসূচনা জাৰি কৰিছে।