পহলগামৰ আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে । ইয়াৰ লগতে সন্ত্ৰাসবাদৰ এই নিন্দনীয় কাৰ্যৰে জড়িত দোষীৰ বিৰুদ্ধে ব্যৱস্থাৰ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে ৰাষ্ট্ৰসংঘই।শুকুৰবাৰে ১৫ খন দেশৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এক প্ৰেছ বিবৃতিযোগে কয় যে, সন্ত্ৰাসবাদ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ বাবে অন্যতম গুৰুতৰ ভাবুকি।প্ৰেছ বিবৃতিটোত কোৱা হৈছে যে, নিৰাপত্তা পৰিষদৰ সদস্যসকলে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে ।
