পিচিঅ’এছৰ সজাগতাই গুৱাহাটীত আগুৱাই নিছে স্বাস্থ্যকেন্দ্ৰিক গ্ৰাহকৰ ধাৰাক

98

পিচিঅ’এছ সজাগতা মাহ আৰম্ভ হোৱাৰ লগে লগে দেশৰ আগশাৰীৰ পুষ্টি আৰু সুস্থতা পৰামৰ্শদাতা শীলা কৃষ্ণস্বামীয়ে প্ৰাকৃতিকভাৱে পলিচিষ্টিক অভেৰি(ডিম্বাশয়) চিণ্ড্ৰম বা চমুকৈ পিচিঅ’এছৰ সমস্যাৰ পৰা আঁতৰি থকা নিয়ন্ত্ৰণত ৰখাৰ বাবে কাৰ্যকৰী পৰামৰ্শ আগবঢ়াইছে। পিচিঅ’এছে সমগ্ৰ ভাৰতৰ যথেষ্ট সংখ্যক মহিলাক প্ৰভাৱিত কৰিছে, ইয়াৰ ফলত ওজন বৃদ্ধি, অনিয়মীয়া ঋতুস্ৰাৱ আৰু প্ৰজননৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। কৃষ্ণস্বামীয়ে বাদাম, শাক, মাহজাতীয় শস্য আৰু সম্পূৰ্ণ শস্যসমৃদ্ধ এক সন্তুলিত আহাৰৰ পৰামৰ্শ দিছে, লগতে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ, এলডিএল কলেষ্টেৰল হ্ৰাস আৰু ওজন নিয়ন্ত্ৰণ কৰাত কাঠবাদামৰ ভূমিকাৰ কথা উল্লেখ কৰিছে।

গুৱাহাটীত  সকলো ধৰণৰ গোটা শস্য আৰু কাঠবাদামৰ দৰে প্ৰাকৃতিক, পুষ্টিকৰ খাদ্যৰ চাহিদা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। স্থানীয় খুচুৰা বিক্ৰেতাসকলে পিচিঅ’এছৰ দৰে লাইফষ্টাইল সম্পৰ্কীয় অৱস্থা পৰিচালনা কৰাত সহায়ক হোৱাকৈ স্বাস্থ্য সচেতন গ্ৰাহকসকলে সক্ৰিয়ভাৱে এনে সামগ্ৰীৰ সন্ধান বৃদ্ধি পোৱাৰ কথা প্ৰকাশ কৰিছে। এই ক্ৰমবৰ্ধমান ধাৰাটোৱে বৰ্ধিত স্বাস্থ্য আৰু সুস্থতাৰ ক্ৰমশঃ জনআন্দোলনৰ সৈতে সংগতি ৰাখে, যিয়ে বজাৰৰ ৰূপান্তৰকো আগুৱাই লৈ যায়।

 শীলা কৃষ্ণস্বামীৰ পৰামৰ্শই পিচিঅ’এছ পৰিচালনা কৰা মহিলাসকলৰ বাবে নিয়মীয়া ব্যায়াম, চাপ ব্যৱস্থাপনা আৰু পেছাদাৰী স্বাস্থ্যসেৱা পৰামৰ্শৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰিছে, যাতে দীৰ্ঘম্যাদী সুস্থতাৰ প্ৰতি এক সামগ্ৰিক দৃষ্টিভংগী বিয়পি পৰে।