১৫ মাৰ্চৰ ভিতৰত পেটিএম পেমেণ্টছ বেংকৰ গ্ৰাহকে আন বেংকলৈ স্থানান্তৰ কৰিব লাগিব একাউণ্ট

313

ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে পেটিএম পেমেণ্টছ বেংক লিমিটেডৰ (পিপিবিএল) সৈতে জড়িত গ্ৰাহক আৰু ব্যৱসায়ীসকলক তেওঁলোকৰ একাউণ্ট ১৫ মাৰ্চৰ ভিতৰত আন বেংকলৈ স্থানান্তৰ কৰিবলৈ পৰামৰ্শ দিছে। ইয়াৰ সৈতে, পেটিএম পেমেণ্ট বেঙ্কে ইয়াৰ বেছিভাগ কাৰ্যকলাপ বন্ধ কৰিবলৈ ১৫ দিন অতিৰিক্ত সময় লাভ কৰিছে, যাৰ ভিতৰত আছে জমা আৰু প্ৰত্যাহাৰ সম্পৰ্কীয় লেনদেন।

ইয়াৰ পূৰ্বে, আৰবিআইয়ে পিপিবিএলক ২৯ ফেব্ৰুৱাৰী, ২০২৪-ৰ পিছত কোনো গ্ৰাহক একাউণ্ট, প্ৰিপেইড সামগ্ৰী, ৱালেট আৰু ফাৰ্ষ্টটেগত জমা বা ‘টপ-আপ’ গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিছিল। ৰিজাৰ্ভ বেংকে ৩১ জানুৱাৰীত পিপিবিএলৰ বিৰুদ্ধে বাৰে বাৰে নিয়ামক ব্যৱস্থা উলংঘা কৰাৰ বাবে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল।

অৱশ্যে, পিপিবিএলৰ গ্ৰাহক আৰু সংশ্লিষ্ট ব্যৱসায়ীসকলৰ সুবিধাৰ কথা মনত ৰাখি, আৰ.বি.আই.-য়ে অতিৰিক্ত ১৫ দিন সময় দিয়াৰ সিদ্ধান্ত লৈছে। ই তেওঁলোকক বিকল্প ব্যৱস্থা কৰাত সহায় কৰিব।