ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিৰ বিৰুদ্ধে বৃহস্পতিবাৰে সংসদত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী দলৰ সাংসদসকলে। ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিৰ কেইবাটাও চৰ্তক লৈ প্ৰশ্ন উত্থাপন কৰে শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে। প্ৰিয়ংকা চতুৰ্বেদীয়ে কয় যে এই চুক্তিত এটা অৰ্ডাৰ দিয়াৰ কথাহে প্ৰতিপন্ন হৈছে।
ভাৰতত আমেৰিকাই শূন্য শতাংশ শুল্কত সামগ্ৰী পঠাব, আৰু আমাৰ শুল্ক হ’ব ১৮ শতাংশ। ৫০০ বিলিয়ন ডলাৰৰ বাণিজ্যিক প্ৰতিশ্ৰুতি আৰু ৰাছিয়াৰ তেল ক্ৰয়ৰ ওপৰত ট্ৰাম্পৰ নিষেধাজ্ঞাৰ ওপৰতো তেওঁ প্ৰশ্ন উত্থাপন কৰে। কংগ্ৰেছৰ সাংসদ ইমৰাণ মাছুদে কয় যে আমেৰিকাৰ সৈতে হোৱা বাণিজ্যিক চুক্তিৰ ফলত ভাৰতৰ বাবে বাণিজ্যিক ঘাটি হ’ব। ইমৰাণ মাছুদে কয় আমাৰ বাণিজ্যিক লাভ প্ৰায় ৪৫ বিলিয়ন ডলাৰ।
এতিয়া চুক্তিৰ পিছত প্ৰথম বছৰতে আমাৰ বাণিজ্যিক ঘাটি ১৩ বিলিয়ন ডলাৰ হ’ব। ইতিমধ্যে চীনৰ সৈতে আমাৰ বাণিজ্যিক ঘাটি আছে। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে যদি ভাৰতৰ সকলো বজাৰ মুকলি কৰি দিয়া হয় তেন্তে ভাৰতীয় সামগ্ৰীৰ কি হ’ব।
