পশ্চিম এছিয়াৰ উত্তপ্ত পৰিস্থিতিৰ বাবে সৃষ্টি হোৱা ৰন্ধন গেছৰ তীব্ৰ সংকটে এতিয়া দেশজুৰি হাহাকাৰৰ সৃষ্টি কৰিছে। দেশৰ ইন্ধন নাটনিৰ জোৰা মাৰিবলৈ ভাৰত চৰকাৰে জৰুৰীভাৱে অত্যাৱশ্যকীয় সামগ্ৰী আইন বলবৎ কৰি ঘৰুৱা গ্ৰাহকৰ বাবে গেছ যোগান সুনিশ্চিত কৰাৰ নিৰ্দেশ দিছে। খাৰুৱা তেল শোধনাগাৰসমূহক উৎপাদন বৃদ্ধি কৰি অতিৰিক্ত গেছ কেৱল ঘৰুৱা ব্যৱহাৰৰ বাবেহে সংৰক্ষণ কৰিবলৈ পেট্ৰ’লিয়াম মন্ত্ৰালয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।
চৰকাৰে ঘৰুৱা গ্ৰাহকক সুৰক্ষা দিলেও এই সংকটে এতিয়া হোটেল-ৰেষ্টুৰেণ্ট আদি ব্যৱসায়িক খণ্ডত বিৰূপ প্ৰভাৱ পেলাইছে। মুম্বাই, বেংগালুৰু আৰু চেন্নাইৰ দৰে মহানগৰীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ তীব্ৰ নাটনিৰ বাবে বহু হোটেল বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ক’লা বজাৰত এতিয়া প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ১৭৫০ টকাৰ পৰা ১৯৫০ টকালৈ বৃদ্ধি পাইছে, যাৰ ফলত খাদ্য সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ আশংকাই দেখা দিছে।
ইন্ধনৰ এই নাটনিৰ মাজতে গেছ ৰাহি কৰিবলৈ সাধাৰণ গ্ৰাহকৰ মাজত সজাগতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। চিলিণ্ডাৰৰ স্থায়িত্ব ১০-১৫ দিন বৃদ্ধি কৰিবলৈ গৃহিণীসকলে এতিয়া বিশেষ ৰন্ধন শৈলীৰ আশ্ৰয় লৈছে। একেদৰে চৰকাৰেও ক’লা বজাৰ ৰোধ কৰিবলৈ দুটা বুকিঙৰ মাজত ২৫ দিনৰ ব্যৱধান বাধ্যতামূলক কৰিছে। হাস্পতাল আৰু বিদ্যালয়ৰ দৰে জৰুৰী সেৱাসমূহক অগ্ৰাধিকাৰ দি চৰকাৰে এতিয়া নতুন আন্তঃৰাষ্ট্ৰীয় উৎসৰ পৰা গেছ আমদানিৰ সম্ভাৱনা পৰীক্ষা কৰিছে।
পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ এক সূত্ৰই সদৰী কৰা অনুসৰি, আগন্তুক দিনবোৰত যোগান নিয়মীয়া কৰিবলৈ তৈল প্ৰতিষ্ঠানসমূহৰ শীৰ্ষ বিষয়াক লৈ এখন বিশেষ কমিটি গঠন কৰা হৈছে। এই কমিটিয়ে বাণিজ্যিক খণ্ডৰ আবেদনসমূহ পৰ্যালোচনা কৰি অগ্ৰাধিকাৰ ভিত্তিত গেছ বিতৰণৰ সিদ্ধান্ত ল’ব। নিৰ্বাচনৰ পূৰ্বে ইন্ধনৰ এই সংকটে এতিয়া সাধাৰণ জনতাৰ লগতে ব্যৱসায়িক মহলতো এক অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
