সমগ্ৰ ভাৰতৰ নিৰামিষভোজী পৰিয়ালৰ বাবে প্ৰটিনৰ অপৰিহাৰ্য উৎস হিচাপে স্থান প্ৰদান কৰি অহা পনীৰৰ পুষ্টি আৰু ৰান্ধনীৰ সম্ভাৱনাক অনন্য ৰূপত তুলি ধৰিবলৈ এই পুষ্টি সপ্তাহত গড্ৰেজ জাৰ্চীয়ে এক বিশেষ অভিযান আৰম্ভ কৰিছে। দীৰ্ঘদিন ধৰি নিৰামিষ ছুপাৰফুড হিচাপে গণ্য কৰা পনীৰে প্ৰাকৃতিক আৰু স্বাস্থ্যকৰ প্ৰটিনৰ বিকল্প প্ৰদান কৰি আহিছে। উত্তৰ ভাৰতৰ খাদ্যসম্ভাৰৰ ক্ষেত্ৰত ই এটা প্ৰধান খাদ্য হৈ আহিছে যদিও পনীৰৰ বহুমুখীতাই ইয়াক সমগ্ৰ ভাৰতৰ আঞ্চলিক খাদ্যৰ সৈতে খাপ খুৱাবলৈ সুযোগ দিয়ে। তামিলনাডুৰ পনীৰ চেটিনাড়ৰ পৰা আৰম্ভ কৰি পঞ্জাৱৰ পনীৰ টিক্কা আৰু গুজৰাটৰ পনীৰেৰে ভৰাই প্ৰস্তুত কৰা ঢোকলালৈকে, এই উপাদানসমূহে দেশজুৰি খাদ্যৰ প্লেটত উদ্ভাৱনীমূলক সোপান বিচাৰি পাইছে।
পনীৰৰ গুৰুত্ব সম্পৰ্কে সদৰি কৰি গড্ৰেজ জাৰ্চীৰ বিপণন বিভাগৰ মুৰব্বী শান্তনু ৰাজে কয় যে, “পনীৰ কেৱল এটা পেকেটযুক্ত খাদ্য সামগ্ৰী নহয়, ই সন্তুলিত আহাৰৰ এক অত্যাৱশ্যকীয় উপাদান। এটা পেকেটত ছয়টা কণীৰ সমান প্ৰটিনৰ পৰিমাণ থাকে, এই তথ্যই ই মহান ভাৰতীয় খাদ্যসম্ভাৰত এক অত্যাৱশ্যকীয় খাদ্য হিচাপে পৰিগণিত হৈছে। গড্ৰেজ জাৰ্চীত আমি নিশ্চিত কৰোঁ যে আমাৰ পনীৰ কোমল, সতেজ আৰু প্ৰতিটো ঘৰলৈ স্বাস্থ্যকৰ কল্যাণ সাধিবলৈ প্ৰকৃত গাখীৰৰ পৰা তৈয়াৰ কৰা হয়।” তেওঁ লগতে কয় যে, ব্ৰেণ্ডটোৱে ৱিস্মই ফুডছ নামেৰে জনপ্ৰিয় চেলিব্ৰিটী চেফ তেজা পাৰুচুৰীৰ সৈতে সহযোগিতা কৰিছে, যাতে পেকেজিঙত কিউআৰ ক’ডৰ জৰিয়তে উপলব্ধ নতুন ৰন্ধন প্ৰণালীৰ জৰিয়তে গ্ৰাহকসকলক অনুপ্ৰাণিত কৰিব পাৰি।
চেফ তেজাই পনীৰৰ বহুমুখীতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি লক্ষ্য কৰিছে যে পনীৰক গ্ৰীল কৰি খাব পাৰি, পনীৰক ভাজি খব পাৰি, তৰকাৰীত মিহলাই ল’ব পাৰি, আনকি ডেজাৰ্টলৈও ৰূপান্তৰিত কৰিব পাৰি, যাৰ ফলত সোৱাদ আৰু পুষ্টি দুয়োটা নিশ্চিত হয়। গুৱাহাটী মহানগৰীত বৃদ্ধি পোৱা নগৰীয়া মধ্যবিত্ত শ্ৰেণী আৰু উচ্চমানৰ নিৰামিষ প্ৰটিনৰ বৰ্ধিত চাহিদাই পনীৰ বিক্ৰী উৰ্ধ্বগামী কৰি তুলিছে। স্থানীয় খুচুৰা বিক্ৰেতাসকলে লক্ষ্য কৰিছে যে গ্ৰাহকসকলে নতুন নতুন ৰেচিপিৰ সৈতে সম্পৰীক্ষাৰ বাবে ক্ৰমান্বয়ে মুকলি হৈ পৰিছে, ইয়াৰ প্ৰতিফলন হৈছে যে কিদৰে পনীৰ এতিয়া কেৱল পৰম্পৰাগত খাদ্যৰ মাজতে সীমাবদ্ধ হৈ থকা নাই বৰঞ্চ এতিয়া সমগ্ৰ অসমীয়া পৰিয়ালত অভিনৱ খাদ্যৰ অংশ হৈ পৰিছে।
