অহা জানা আছিল যে, আহমেদাবাদত অনুষ্ঠিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পঞ্চম তথা অন্তিমখন টি-২০ মেচত ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই এক বিধ্বংসী ইনিংছ উপহাৰ দিছে। পাণ্ডিয়াই মাত্ৰ ১৬ টা বলে ভাৰতৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিতীয় দ্ৰুততম অৰ্ধশতক অৰ্জন কৰি নতুন অভিলেখ গঢ়ে। তেওঁৰ এই ধুমুহা সদৃশ ইনিংছৰ সহায়ত, ভাৰতে নির্ধাৰিত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ২৩১ ৰানৰ এক বিশাল স্ক’ৰ থিয় কৰে। পাণ্ডিয়াই ২৫ টা বলৰ ইনিংছত ৪ টা চাৰি আৰু ৫ টা ছিক্সৰে ৬৩ ৰান সংগ্ৰহ কৰে। উল্লেখযোগ্য যে, ২০০৭ চনৰ টি-২০ বিশ্বকাপত যুৱৰাজ সিঙে ১২ টা বলত কৰা অৰ্ধশতকটো এতিয়াও ভাৰতৰ বাবে দ্ৰুততম হৈছে।
পাণ্ডিয়াৰ উপৰিও, তিলক বাৰ্মাই ১০ টা চাৰি আৰু এটি ছিক্সাৰে ৭৩ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছে। খেলখনৰ পূৰ্বে সঞ্জু চেমচন আৰু অভিষেক শৰ্মাই পাৱাৰপ্লেৰ ভিতৰতে ভাৰতক এক দ্ৰুত আৰম্ভণি প্ৰদান কৰে। দক্ষিণ আফ্ৰিকাৰ বলাৰ কৰ্বিন বচে ৪৪ ৰান দি ২ টা উইকেট দখল কৰে, যদিও আন বলাৰসকল বিশেষ সফল হোৱা নাছিল। লুগি এনগিডিয়ে সুন্দৰ নিয়ন্ত্ৰিত বলিং কৰি ৪ অভাৰত মাত্ৰ ২৭ ৰান খৰচ কৰে। খেলখনত, ভাৰতে দক্ষিণ আফ্ৰিকাক ৩০ ৰানত পৰাজিত কৰি ছিৰিজটো ৩-১ ব্যৱধানেৰে নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে।
