পাণ্ডু মহাবিদ্যালয়ত নতুন শিক্ষানীতিৰ পৰিমার্জিত পাঠ্যক্রম সম্পর্কীয় কর্মশালা সম্পন্ন

13

গুৱাহাটী বিশ্ববিদ্যালয়ে ২০২৩-২৪ শিক্ষাবর্ষত কাৰ্যকৰী কৰা নতুন শিক্ষানীতিৰ চলিত বৰ্ষৰ স্নাতক পাঠ্যক্ৰম সম্পর্কে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু অসম কলেজ অধ্যক্ষ পৰিষদৰ সহযোগত ২৯ জানুৱাৰীত  পাণ্ডু মহাবিদ্যালয়ত এখন কর্মশালা অনুষ্ঠিত হয়।

আনহাতে পাণ্ডু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সঞ্চয়জ্যোতি বৰাৰ আদৰণী ভাষণৰে শুভাৰম্ভ হোৱা কৰ্মশালাখনত কামৰূপ, কামৰূপ মহানগৰ, মৰিগাঁও আৰু নলবাৰী জিলাৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপক – অধ্যাপিকাই ভাগ লয়।  কৰ্মশালাখনত সমল ব্যক্তিৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিশেষ কৰ্তব্যৰত বিষয়া ডঃ সঞ্জয় কুমাৰ দত্ত, অর্থনীতি বিভাগৰ মূৰব্বী অধ্যাপক ৰাতুল মহন্ত আৰু ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অমৰেন্দ্ৰ কলিতাই ভাগ লৈ নতুন শিক্ষানীতিৰ চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ সূক্ষ্মাতিসূক্ষ্ম বিশ্লেষণ আগবঢ়ায়।

উল্লেখ্য, মহাবিদ্যালয়ত কর্মশালা শৃংখলাৰ এয়া প্ৰথমখন কর্মশালা। কর্মশালাখনত ভাগ লোৱা সকলে নতুন শিক্ষানীতিৰ পৰিমাৰ্জিত পাঠ্যক্ৰমৰ বিষয়ে প্রশ্নোত্তৰ শিতানত নিজৰ অভিমত ব্যক্ত কৰে। শেষত  শলাগৰ শৰাই আগবঢ়াই অধ্যাপিকা লতিকা শইকীয়াই ।