পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ ওবেদুল্লাহ ৰাজপুতক দেশখৰ ৰাষ্ট্ৰীয় ফেডাৰেচনে অনিৰ্দিষ্টকালৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে। চলিত মাহৰ আৰম্ভণিতে বাহৰেইনত অনুষ্ঠিত এখন ব্যক্তিগত টুৰ্ণামেণ্টত এটা ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰাৰ বাবেই পাকিস্তান কাবাডী ফেডাৰেচনে তেওঁৰ বিৰুদ্ধে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।
শনিবাৰে অনুষ্ঠিত এক জৰুৰীকালীন বৈঠকত ফেডাৰেচনে ৰাজপুতক দোষী সাব্যস্ত কৰে। ফেডাৰেচনৰ মতে, খেলুৱৈগৰাকীয়ে ফেডাৰেচন বা সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় অনাপত্তি পত্ৰ নোলোৱাকৈয়ে বিদেশলৈ গৈ টুৰ্ণামেণ্টত অংশ লৈছিল। পিকেএফৰ সচিব ৰানা চাৰৱাৰে জনোৱা মতে, ৰাজপুতৰ বিৰুদ্ধে থকা এই নিষেধাজ্ঞা সন্দৰ্ভত তেওঁ অনুশাসন কমিটিৰ ওচৰত আবেদন কৰাৰ সুযোগ পাব।
ৰাজপুতৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁ কেৱল অনুমতি অবিহনে বিদেশ ভ্ৰমণ কৰাই নহয়, বৰঞ্চ এটা ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল। খেলপথাৰত তেওঁ ভাৰতীয় দলৰ জাৰ্চি পৰিধান কৰাৰ লগতে এখন মেচত জয়লাভ কৰাৰ পিছত ভাৰতীয় পতাকা কান্ধত মেৰিয়াই লোৱা দেখা গৈছিল। ছচিয়েল মিডিয়াত এই ভিডিঅ’ আৰু আলোকচিত্ৰসমূহ ভাইৰেল হোৱাৰ পিছতেই খেলুৱৈগৰাকী বিপদত পৰে।
ইফালে, ওবেদুল্লাহ ৰাজপুতৰ দাবী যে সমগ্ৰ বিষয়টো এটা ভুল বুজাবুজিৰ বাবেহে হৈছে। তেওঁ কয় যে ব্যক্তিগত টুৰ্ণামেণ্টখনত তেওঁ যিটো দলৰ হৈ খেলিব, সেইটো যে এটা ভাৰতীয় দল হ’ব সেই বিষয়ে তেওঁক পূৰ্বে জনোৱা হোৱ নাছিল। তেওঁ আয়োজকসকলক দলৰ নামত ভাৰত বা পাকিস্তান ব্যৱহাৰ নকৰিবলৈও অনুৰোধ জনাইছিল বুলি দাবী কৰে। তেওঁৰ মতে, ব্যক্তিগত প্ৰতিযোগিতাত পূৰ্বে ভাৰত আৰু পাকিস্তানৰ খেলুৱৈয়ে একেলগে খেলিছে যদিও কোনো নিৰ্দিষ্ট দেশৰ নামত খেলা নাই।
পিকেএফৰ সচিবগৰাকীয়ে লগতে জনায় যে এনঅ’চি অবিহনে উক্ত টুৰ্ণামেণ্টত অংশ লোৱা আন কেইবাজনো খেলুৱৈক জৰিমনা বিহাৰ লগতে নিষিদ্ধ কৰা হৈছে। ৰাজপুতে পূৰ্বে ক্ষমা প্ৰাৰ্থনা কৰি জনাইছিল যে তেওঁক ভুলকৈ ভাৰতীয় দলৰ সদস্য হিচাপে উপস্থাপন কৰা হৈছিল। বৰ্তমানৰ পৰিস্থিতিত এনে কাৰ্য তেওঁ কল্পনাও কৰিব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে।
