এক আজৱ ঘটনা

119

পৰম্পৰা তথা প্ৰথাৰ নামত একাংশ লোকে জঘন্য কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে। এনে এক প্ৰথা পাকিস্তানত প্ৰচলিত আছে। যাৰ অধীনত ৪ বছৰীয়া শিশুক ৬০ বছৰীয়া বৃদ্ধৰ সৈতে বিয়া দিয়া হয়।এনে এক প্ৰথা পাকিস্তানত বছৰ বছৰ ধৰি চলি আহি আছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। পাকিস্তানৰ পঞ্জাৱ আৰু খাইবেৰ পখতুনখোৱাৰ কিছু দূৰ্গম গাঁৱত ৱানী আৰু স্বৰা নামৰ এটা পৰম্পৰা পালন কৰা হয়, যাৰ কথা শুনিলে আপোনাৰ আত্মা কঁপি উঠিব।‘ৱানী’ এক পাষ্টো শব্দ যি বনেৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ তেজ। এই প্ৰথা পালন কৰা লোকসকলৰ মতে দুই পক্ষৰ মাজত শত্ৰুতা শেষ কৰাৰ ই এটা উপায়। এই প্ৰথাৰ অধীনত এটা গোটৰ মানুহে অন্য এটা গোটৰ কোনো জ্যেষ্ঠ লোকৰ লগত নিজৰ সন্তানক বিয়া দিয়ে। এই প্ৰথাত ছোৱালীৰ বয়স ৪ ৰ পৰা ১৪ বছৰ আৰু পুৰুষৰ বয়স ২৫ ৰ পৰা ৬০ বছৰৰ ভিতৰত হ’ব লাগে।হত্যা, জিনা, ঋণ পৰিশোধ, অপহৰণ বা অপহৰণৰ ক্ষতিপূৰণ আদি অপৰাধ নিষ্পত্তি কৰিবলৈ এই প্ৰথা প্ৰচলিত।এই প্ৰথাত ৪ বছৰীয়া এটি শিশুত ৬০ বছৰীয়া এজন বৃদ্ধৰ সৈতে বিয়া কৰাই দিয়া হয়। এনে প্ৰথাৰ বাবে ধ্বংস হৈ গৈছে বহু কন্যাৰ জীৱন।