প্ৰাগজ্যোতিষ সাংস্কৃতিক সমাজৰ উদ্যোগত আজি সন্ধিয়া গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্প ( আই টি এ) ৰ সভাগৃহত কাশ্মীৰৰ পেহেলগামত হোৱা নৰসংহাৰৰ ঘটনাৰ প্ৰতিবাদত আজি সন্ধিয়া এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সমাজৰ সদস্য – সদস্যাকে ধৰি শতাধিক লোক উপস্থিত থকা অনুষ্ঠানটোৰ আৰম্ভণিতে ঘটনাটোত নিহত সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি বিদেহী আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়।
সভাত প্ৰাগজ্যোতিষ সাংস্কৃতিক সমাজৰ সভাপতি ইফটিকাৰ আলী, কাৰ্যকৰী সভাপতি খালিড ওমৰ আৰু সাধাৰণ সম্পাদক অৰূপ গোস্বামীয়ে ভাষণ প্ৰসংগত নিৰীহ পৰ্য্যটকৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলোৱা নৰসংহাৰৰ দৰে ঘৃণনীয় কাৰ্য্যৰ তীব্ৰ গৰিহণা দি যিসকলে অতি নিৰ্মমতাৰে হত্যা কৰিলে সেই সন্ত্ৰাসবাদী আৰু সিহঁতক প্ৰশয় দিয়া প্ৰতিজনকেই চৰম শাস্তি বিহিবলৈ ভাৰত চৰকাৰক দাবী জনায়।
ইয়াৰ উপৰিও ঘটনাটো হৈ যোৱাৰ পাছতেই ভাৰত চৰকাৰে তাৎক্ষণিকভাৱে হাতত লোৱা পদক্ষেপলৈ আমি সমৰ্থন জনাইছো বুলি সদৰি কৰি তিনিওজনে ভাষণ প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমত থাকি পাকিস্তানক সমৰ্থন কৰা ব্যক্তি সকলৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাক সমৰ্থন জনায় আৰু এইক্ষেত্ৰত যাতে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও দাবী জনায়। সভাৰ অন্তত উপস্থিত সকলোৱে পাকিস্তান মূৰ্দাবাদ , সন্ত্ৰাসবাদ নিপাত যাওঁক ধ্বনি দি আকাশ – বতাহ মুখৰিত কৰি তোলে।
