পাকিস্তানত মৃত্যু ২৭ গৰাকীকৈ হিন্দু লোকৰ। ইয়াৰে ২০ জন আছিল একেটা পৰিয়ালৰ। জানিব পৰা মতে, চুবুৰীয়া ৰাষ্ট্ৰখনত এটা অট্টালিকা ৰহস্যজনকভাৱে খহি পৰে। কৰাচীৰ ল্যাৰী অঞ্চলত ৫ মহলীয়া অট্টালিকাটো ভাঙি যোৱাৰ ফলত মৃত্যু হয় কেইবাজনো লোকৰ। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে উদ্ধাৰ অভিযান সম্পূৰ্ণ কৰোতে প্ৰায় ৫৩ ঘন্টা সময় লাগে। এই ঘটনাত মৃত্যু হোৱা অধিকাংশ লোকেই হিন্দু।এই ঘটনাত মৃত্যু হোৱা ২৭ জন লোকৰ ভিতৰত ২০ জন হিন্দু সম্প্ৰদায়ৰ, এই আটাইকেইজন একেটা পৰিয়ালৰ। কিন্তু আচৰিত কথা এয়াই যে, এই দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰে এটি ৩ মহীয়া কন্যাৰ। শিশুটিয়ে সামান্য আঘাত পাইছিল যদিও বিশেষ একো ক্ষতি হোৱা নাছিল। কেনেকৈ এই শিশুটিৰ প্ৰাণ ৰক্ষা পৰিল এই কথাই আচৰিত কৰি তুলিছে সকলোকে।
