বাংলাদেশৰ পাছত এইবাৰ পাকিস্তান। পুনৰ আক্ৰমণৰ বলি হিন্দু নেতা। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি চুবুৰীয়া ৰাষ্ট্ৰখনত আক্ৰমণ কৰা হৈছে হিন্দু মন্ত্ৰীক।সিন্ধ প্ৰদেশৰ এগৰাকী হিন্দু ৰাজ্যিক মন্ত্ৰীক আক্ৰমণ কৰে একাংশ প্ৰতিবাদকাৰীয়ে। এই আক্ৰমণৰ খবৰ পোহৰলৈ অহাৰ পাছতেই পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমালোচনাৰ সন্মুখীন হৈছে পাকিস্তান ইয়াৰ বিপৰীতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে।
