পাকিস্তানৰ বাবে মূৰৰ বিষ হৈ পৰা আফগানিস্তানে পাকিস্তানলৈ বৈ যোৱা পানী বন্ধ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। পাকিস্তানলৈ পানীৰ সোঁত নিয়ন্ত্ৰণ কৰিবলৈ কুনাৰ নদীত অতি সোনকালে মথাউৰি নিৰ্মাণৰ নিৰ্দেশ দিছে তালিবানৰ উচ্চতম নেতা মোল্লা হিবাতুল্লাহ আখুণ্ড্জাদাই। ইয়াৰ ফলত পাকিস্তানত জল সংকট হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। পাকিস্তানলৈ পানীৰ সোঁত নিয়ন্ত্ৰণ কৰিবলৈ কুনাৰ নদীত অতি সোনকালে মথাউৰি নিৰ্মাণৰ নিৰ্দেশ দিছে তালিবানৰ উচ্চতম নেতা মোল্লা হিবাতুল্লাহ আখুণ্ড্জাদাই।উল্লেখযোগ্য যে, আফগানিস্তানে যদি এই নদীত বান্ধ নিৰ্মাণ কৰে তেন্তে ইয়াৰ ফলত পাকিস্তানৰ খেতিপথাৰ আৰু জনসাধাৰণৰ বাবে পানীৰ তীব্ৰ নাটনি হ’ব। ভাৰতৰ পানীৰ নিষেধাজ্ঞাই ইতিমধ্যে পাকিস্তানত খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে।
