পাকিস্তানৰ সামৰিক শিবিৰত আত্মঘাতী আক্ৰমণত ১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩০ জন লোক আহত হৈছে । মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ৷

পাকিস্তানৰ বান্নুত মঙলবাৰে দুখন বিস্ফোৰক ভৰ্তি বাহনে মূল কেণ্টনমেণ্টৰ সীমা দেৱালত খুন্দা মৰাৰ ফলত চাৰিটা শিশুসহ কমেও ১২ জন লোক নিহত হোৱাৰ লগতে ৩০ জন আহত হয় ।

এই সময়ছোৱাত সেনা জোৱানে কমেও ছয়জন উগ্ৰপন্থীক হত্যা কৰিছিল ।জানিব পৰা মতে বান্নু কেণ্টনমেণ্টত সংঘটিত আত্মঘাতী বিস্ফোৰণত ১২ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ৩০ জন আহত হৈছে ৷

তেওঁ লগতে কয় যে নিহতসকলৰ ভিতৰত চাৰিটা শিশু আৰু দুগৰাকী মহিলাও আছে ।উল্লেখযোগ্য যে আটাইকেইজন আহতক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলিও সূত্ৰই জানিবলৈ দিয়ে ।

নিৰাপত্তাৰক্ষীৰ সূত্ৰই জনোৱা মতে, সকলো সন্ত্ৰাসবাদী নিৰ্মূল নোহোৱালৈকে অভিযান অব্যাহত থাকিব ।