ৰাজ্যৰ এজন বিশিষ্ট শিক্ষাবিদ, ইতিহাসবিদ, সমাজকর্মী তথা মানৱ অধিকাৰৰ অগ্ৰণী প্ৰৱক্তা , অধ্যপক শৰৎ মহন্তৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি অহা ১ মে’ত অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ উদ্যোগত আৰু গুৱাহাটীৰ বেতকুছিস্থিত ৰয়েল গ্লবেল বিশ্ববিদ্যালয়ৰ সহযোগত দশম বাৰৰ বাবে আয়োজন কৰা হৈছে অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান। উল্লেখ্য যে, ১৯৩৭ চনৰ পহিলা মে’ত শিবসাগৰ জিলাৰ নাজিৰাৰ ঐতিহ্যমণ্ডিত শ্রীশ্রীচলিহা বাৰেঘৰ সত্ৰৰ এটি সংস্কৃতিবান পৰিয়ালত জন্ম গ্ৰহণ কৰা অধ্যপক শৰৎ মহন্তৰ বিগত ২০১৩ চনৰ ১৮ জুনত পৰলোকপ্ৰাপ্তি ঘটে।
শিৱসাগৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগত প্রায় ৩৩ বছৰৰো অধিক কাল অধ্যাপনা কৰি মুৰব্বী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰা অধ্যাপক শৰৎ মহন্তই পৰৱৰ্তী সময়ত প্রায় চাৰি বছৰ অসম মানৱ অধিকাৰ আয়োগৰ সন্মানীয় সদস্য ৰূপে কার্যনির্বাহ কৰিছিল। মৃত্যু পর্যন্ত বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু শিৱসাগৰ প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা ৰূপে কার্যনির্বাহ কৰা শৰৎ মহন্তই প্রায় দুটা দশকৰো অধিক কাল সাংবাদিকতাও কৰিছিল। অলেখ তথ্যসমৃদ্ধ, চিন্তাশীল প্রবন্ধ-নিবন্ধ লিখা মহন্তই কেইবাখনো উল্লেখনীয় গ্রন্থ ৰচনা কৰিছিল।
অহা ১ মে’ৰ দিনা বিয়লি চাৰি বজাত গুৱাহাটীৰ ৰয়েল গ্লবেল বিশ্ববিদ্যালয়ৰ প্রেক্ষাগৃহত আয়োজিত দশম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতা প্রদান কৰিব দ্য হিডেন হিন্দু খ্যাত বিশিষ্ট লেখক-কবি-গীতিকাৰ তথা আগশাৰীৰ অনুপ্ৰেৰণামূলক বক্তা অক্ষত গুপ্তাই। আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্তা অক্ষত গুপ্তই “Rediscovering Our Roots. The Relevance of Hindu Mythology in Modern Times” শীর্ষক বিষয়ত মূল বক্তৃতা প্রদান কৰিব। উল্লেখ্য যে, অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই উক্ত বক্তৃতানুষ্ঠানটো আনুষ্ঠানিকভাবে উদ্বোধন কৰিব বুলি ফাউণ্ডেশ্যনৰ ফালৰ পৰা জনোৱা হৈছে।
