ভাৰত চৰকাৰে এনআইইএছবিইউডি, ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান(ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ) আৰু পিএমকেভিৱাইকে ধৰি বিভিন্ন দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত ১০০ৰো অধিক উদ্যোগীক সম্বৰ্ধনা জ্ঞাপন কৰে। ভাৰত চৰকাৰৰ শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এইসকল উদ্যোগীৰ সৈতে সৌহাদ্যমূলক বাৰ্তালাপ কৰে। গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত দক্ষতা পৰিৱেশ তন্ত্ৰৰ এনে উদ্যোগীক প্ৰথমবাৰলৈ আমন্ত্ৰণ জনোৱা হৈছে।
উদ্যোগীসকলে নিজৰ অভিজ্ঞতা আৰু প্ৰত্যাহ্বানসমূহ ভাগ-বতৰা কৰি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্ব আৰু দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়ক নিয়োগ সৃষ্টিৰ সময়ত প্ৰশিক্ষণ আৰু উদ্যোগীৰ স্বীকৃতি প্ৰদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে উদ্যোগীসকলক বৃত্তিমূলক প্ৰশিক্ষণ(ভকেচনেল ট্ৰেইনিং) গ্ৰহণৰ বাবে উৎসাহিত কৰি ভাৰতৰ দক্ষতা বিকাশ আৰু উদ্যমিতাৰ পৰিৱেশ তন্ত্ৰত এক নতুন যুগৰ সূচনা কৰিছে। চৰকাৰে অনুভৱ কৰিছে যে ভাৰতৰ যুৱক-যুৱতীসকলক দক্ষতা প্ৰদান কৰাটো ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ।
এই পদক্ষেপসমূহৰ প্ৰধান লক্ষ্য হৈছে সমাজৰ উন্নতিৰ বাবে বিকাশ, নিয়োগ সৃষ্টি, উৎপাদনশীলতা আৰু দক্ষতাৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰা। বহুসংখ্যক উদ্যোগী, যেনে দক্ষিণ ছিকিমৰ উজনি গোমৰ এগৰাকী দূৰদৰ্শী মহিলা উদ্যোগী শীতল তামাঙে নিজৰ ব্যৱসায়ক ছিকিমৰ হস্ততাঁত আৰু হস্তশিল্পৰ জৰিয়তে দেশৰ বিকাশৰ গতিপথক নতুন ৰূপত গঢ়ি তুলিছে। এই বিষয়ে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, “আজি আমাৰ দক্ষতা পৰিৱেশ তন্ত্ৰৰ হিতাধিকাৰীসকলৰ সৈতে অন্তৰ্দৃষ্টিপূৰ্ণ বাৰ্তালাপৰ সুযোগ লাভ কৰি নিজকে সৌভাগ্যৱান ৰূপে অনুভৱ কৰিছোঁ।”