মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ OSD পদ্ম হাজৰিকাৰ বিৰুদ্ধে মীন বিভাগত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কতা কোষত গোচৰ ৰুজু কৰিছে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ উপদেষ্টা প্ৰদীপ কলিতাই।
উল্লেখ্য যে, বিধায়কৰ বহু বিতৰ্কিত OSD পদ্ম হাজৰিকাৰ বিৰুদ্ধে সময়ে সময়ে মীন বিভাগত বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। নিবিদা কেলেংকাৰীৰ লগতে মীন বিভাগত সংঘটিত নিযুক্তি কেলেংকাৰীতো নাম সাঙোৰ খাই আহিছে এইজন পদ্ম হাজৰিকাৰ বিৰুদ্ধে।
অভিযোগ অনুসৰি, ১৫০ জনৰো অধিক যুৱক-যুৱতীক কেৱল ধনৰ বিনিময়ত মীন বিভাগত চাকৰি দিছিল পদ্ম হাজৰিকাই। আনকি বিধায়ক ৰমাকান্ত দেউৰীৰ দুই কণ্যাকো অবৈধভাৱে মীন বিভাগত চাকৰি প্ৰদান কৰাৰ অভিযোগ আছে OSD পদ্ম হাজৰিকাৰ বিৰুদ্ধে। অকল ইমানেই নহয় কমিছনৰ অংকত নিজৰ ভাগিনৰ পৰা আৰম্ভ কৰি বহু অঙহি-বঙহিক ৰাজ্যৰ বহুকেইখন বিল লিজত দিয়াৰো অভিযোগ উঠিছে বিতৰ্কিত পদ্ম হাজৰিকাৰ বিৰুদ্ধে ৷
গুৱাহাটীৰ ৩টাকৈ স্থানত অবৈধ সম্পত্তিৰ পাহাৰ গঢ়া এইগৰাকী বিতৰ্কিত, দুৰ্নীতিপৰায়ন OSD ৰ বিৰুদ্ধে বিধায়ক তথা মীন বিভাগৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈও ৰহস্যৰ সৃষ্টি হৈছে। শেহতীয়া মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কতা কোষত গোচৰ ৰুজু কৰাৰ পিছত বিভাগৰ নৱ নিযুক্ত অধ্যক্ষ গুৰুজ্যোতি দাসে এইজন বিতৰ্কিত OSD ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছে সকলোৱে।
