২০২৯ৰ ভিতৰত সমগ্ৰ ভাৰতত ১ মিলিয়ন ক্ষুদ্ৰ উদ্যোগীক সহায়ৰ পৰিকল্পনা অৰিফ্লেমৰ

265

সমগ্ৰ বিশ্বজুৰি সবল উপস্থিতি থকা ছুইডেনৰ প্ৰিমিয়াৰ বিউটি ব্ৰেণ্ড অৰিফ্লেমে শীৰ্ষ অগ্ৰাধিকাৰৰ বজাৰসমূহৰ ভিতৰত ভাৰতক অন্যতম বুলি ঘোষণা কৰিছে। বৰ্তমানৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি আগশাৰীৰ কচমেটিক ব্ৰেণ্ডটোৱে অহা ৫ বছৰৰ ভিতৰত (২০২৯) ১ মিলিয়ন ব্ৰেণ্ড অংশীদাৰক অন-বৰ্ড কৰাৰ লক্ষ্য ৰাখিছে। যাৰ ফলত সমগ্ৰ দেশতে ক্ষুদ্ৰ উদ্যোগীকৰণক প্ৰসাৰিত কৰাৰ লক্ষ্য লৈছে আৰু গতিশীল ষ্টাৰ্ট-আপ সংস্কৃতিক আগুৱাই নিয়াৰো প্ৰয়াস কৰা হৈছে। এই অভিলাষী প্ৰকল্প ভাৰতৰ সমৃদ্ধিৰ যাত্ৰা আৰু ভাৰত চৰকাৰে নিয়োগ সৃষ্টি আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিয়া পদক্ষেপৰ সৈতে সংগতি আছে।

অৰিফ্লেমে সকলো ব্যক্তিকে নিজৰ ব্ৰেণ্ড অংশীদাৰ হ’বলৈ সবল কৰি তুলি নৈতিক মূল্যবোধ গঢ়ি তুলি নিজৰ কৰ্মসূচীত নমনীয়তা প্ৰদান কৰি উদ্যমিতাৰ মনোভাৱ গঢ়ি তোলে। এই পদ্ধতিয়ে সামাজিক আৰু মানসিক সুস্থতাক অগ্ৰাধিকাৰ দি এক পৰিপূৰ্ণ কেৰিয়াৰ গঢ়ি তোলে আৰু আৰ্থিক স্বতন্ত্ৰতাৰ পথ প্ৰশস্ত কৰে। এই বিষয়ে অৰিফ্লেমৰ ছিনিয়ৰ ভাইচ প্ৰেচিডেণ্ট তথা ভাৰত আৰু ইণ্ডোনেছিয়াৰ মুৰব্বী এদিতা কুৰেকে কয় যে, “ভাৰত অৰিফ্লেমৰ বাবে অন্যতম প্ৰধান বজাৰ আৰু ভাৰতীয় গ্ৰাহকৰ পৰা আমি লাভ কৰা সঁহাৰি আৰু আস্থাৰ বাবে আমি সদায়ে কৃতজ্ঞ।”

অৰিফ্লেমে ভাৰতত গৱেষণা আৰু উন্নয়ন সামৰ্থ্য গঢ়ি তুলি ছুইডেনৰ মানসম্পন্ন আৰু উদ্ভাৱনী সামগ্ৰী উৎপাদন কৰি গ্লবেল ষ্টেণ্ডাৰ্ড আৰু ইউৰোপীয় সুৰক্ষা বিধি মানি চলি ‘মেড ইন ইণ্ডিয়া’ আৰু ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।