অৰাইমোৱে মুকলি কৰিলে ফ্ৰীপড ৪ ইয়াৰবাড

268

উচ্চ মানদণ্ডৰ আৰু অত্যাধুনিক প্ৰযুক্তিৰ সামগ্ৰী সকলোৱে বিচাৰে। দেশৰ যুৱ গ্ৰাহকসকলক যুক্তিসংগত মূল্যত অত্যাধুনিক প্ৰযুক্তিসমৃদ্ধ উচ্চমানৰ সামগ্ৰী  প্ৰদান কৰিবলৈ অৰাইমোৱে ভাৰতত ফ্ৰীপড ৪ মুকলি কৰিছে। জনবহুল আৰু কোলাহলেৰে পূৰ্ণ স্থানতো ই স্ফটিক-স্পষ্ট যোগাযোগ আৰু এটা নিমজ্জিত শ্ৰৱণ অভিজ্ঞতা প্ৰদান কৰে ফ্ৰীপডে।

ফ্ৰীপড ৪ হৈছে এএনচি প্ৰযুক্তি সম্বলিত প্ৰিমিয়াম ৱায়াৰলেছ ইয়েৰবাড।  ফ্ৰীপড ৪ত আছে ৪-মাইক প্ৰ’প্ৰোপিটেৰী বিমফৰ্মিং এৰে, এআই ডিপ নিউৰেল নেটৱৰ্ক এলগৰিডম, ট্ৰেন্সপাৰেন্সি মোড, কম-লেটেন্সিৰ গেমিং মোড, স্লাইড-টু-অপেনৰ সুবিধা, লং লাষ্টিং বেটাৰী লাইফ, অৰাইমো চাউণ্ড এপ, লাইটস্পীড সংযোগ, আইপিX৫ স্প্লেচপ্ৰুফ, ঘামৰ পৰা সুৰক্ষা, আৰু এণ্টিবেক্টেৰিয়েল কাণৰ টিপ ইত্যাদি। অৰাইমো চাউণ্ড এপৰ সহায়ত ব্যৱহাৰকাৰীয়ে পাঁচটা ইকিউ মোডৰ পৰা বাচনি কৰি ল’ব পাৰে, টাচ কন্ট্ৰ’ল এডজাষ্ট কৰিব পাৰে,মোড অনুসৰি শব্দ নিয়ন্ত্ৰণৰ সুবিধা আৰু ইয়াৰবাড কিবা কাৰণত হেৰুৱালেও বিচাৰি উলিয়াবলৈ অনুমতি প্ৰদান কৰে। ফ্লিপকাৰ্টত এক্সক্লুছিভভাৱে উপলব্ধ ইয়াৰ মূল্য ১,৯৯৯ টকা ।

এই বিষয়ে অৰাইমো ইণ্ডিয়াৰ বিইউ হেড শচীন কাপুৰে কয় যে, “আমি নিশ্চিত যে ফ্ৰীপড ৪-এ ভাৰতৰ যুৱ  শ্ৰোতাসকলক নিজৰ প্ৰিয় অডিঅ’ সমল বা কণ্টেণ্টত নিমজ্জিত হ’বলৈ সক্ষম কৰিব আৰু শ্ৰোতাৰ হৃদয়ত এই কণ্ঠই সুকীয়া স্থান দখল কৰিব।”