আজিৰ লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ বিতৰ্কত বিৰোধী দলপতি ৰাহুল গান্ধীক বক্তব্য ৰাখিবলৈ বাধা দিয়াৰ প্ৰতিবাদত উত্তাল পৰিস্থিতি সৃষ্টি হয়। কংগ্ৰেছসহ বিৰোধী দলসমূহে অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে এক অভূতপূৰ্ব অনাস্থা প্ৰস্তাৱ দাখিল কৰে। এই প্রস্তাৱ সংসদীয় কাৰ্যবিধিৰ ধাৰা ৯৪চি ৰ অধীনত, যাৰ স্বাক্ষৰ ১১৯ জন সাংসদৰ থাকে, আজি দিনৰ ১:১৪ বজাত দাখিল কৰা হয়। বিৰোধী দলৰ দাবী অনুসৰি, অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনা হৈছে, সেয়ে বিৰলাৰ বৰ্তমানৰ কাম-কাজ পৰিচালনা কৰাৰ নৈতিক অধিকাৰ নাই। এই অচলৱস্থাই বাজেট অধিৱেশনৰ আৰম্ভণি আৰু তীব্ৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আটাইবোৰ দলৰে এক জৰুৰী বৈঠক আয়োজন কৰে। চৰকাৰী পক্ষই বিৰোধীৰ এই পদক্ষেপক সংসদীয় পৰম্পৰাৰ অৱমাননা বুলি অভিহিত কৰলেও, বিৰোধী দল নিজৰ স্থিতিত অটল থাকি অধ্যক্ষৰ বিৰুদ্ধে যুজঁ অব্যাহত ৰাখিব বুলি উল্লেখ কৰে। সংসদীয় ইতিহাসত এই ঘটনাই নতুন বিতৰ্কৰ সূচনা কৰিছে।
