সমাজৰ বৰবিহত পৰিণত হোৱা চুলাই মদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা আবকাৰী বিভাগে। যাৰ বাবে জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথৰ নিৰ্দেশত গুৱাহাটী মহানগৰীক চুলাই মদৰ লগতে দেশী – বিদেশী অবৈধ সুৰাৰ প্ৰচলন ৰোধ কৰাৰ বাবে কামৰূপ গুৱাহাটী সদৰকে ধৰি জিলাখনৰ আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে দেশী – বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই আহিছে।
এই অভিযানৰ অংশ হিচাপে আজি দিনৰ ভাগত জালুকবাৰী সম জিলাৰ অন্তৰ্গত জালুকবাৰী আবকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে মালিগাঁৱৰ শুকুৰবৰীয়া সাপ্তাহিক বজাৰ , কাষৰীয়া পাহাৰীয়া অঞ্চল ক্ৰমে আদিংগিৰী আৰু কালিখোলা , আঠগাঁৱত চুলাই মদ প্ৰস্তুত কৰা ভাটি আৰু বিক্ৰেতাৰ বিৰুদ্ধে এক অভিযান চলায়।
আনহাতে জালুকবাৰী সম জিলাৰ উপ আবকাৰী অধীক্ষক নয়ৰীতা বৰুৱাৰ তত্বাবধানত আবকাৰী চক্ৰৰ আবকাৰী পৰিদৰ্শক গোবৰ্ধন ডেকাৰ নেতৃত্বত চলোৱা অভিযানত চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত প্ৰায় প্ৰায় ২,৭০০ কেজি পাছ , ৮৫ লিটাৰ চুলাই মদ, ৬০ কেজি ৰাইচ কেক, ৯ টা বিভিন্ন ধৰণৰ সজুলি জব্দ কৰা হয়। অৱশ্যে অভিযানৰ উমান পাই চুলাই মদ প্ৰস্তুত কাৰ্যত জড়িত কেবাজনো লোক পলাই যাবলৈ সক্ষম হয়। আনহাতে জব্দ কৰা চুলাই মদ আৰু পাছখিনী পাছত বিভাগীয় নিয়মানুসাৰে নষ্ট কৰি পেলোৱা হয়।
