ONGC ৰ খনন ৰিগৰ ফিল্ড নিমাণত বিসংগতি অভিযোগ

332

ONGC ৰ খনন ৰিগৰ ফিল্ড নিমাণত বিসংগতি অভিযোগ।

গেলেকীৰ তৈল ক্ষেত্ৰত নিমাৰ্ণৰত কামত ব্যাপক অনিয়ম তথা বিসংগতিৰ অভিযোগ ।

নিৰ্মাণৰ পাছতেই ফাট মেলিছে মূল ফাউণ্ডেশ্যনৰ ঢেলাইৰ ।

প্ৰয়োজনীয় ৰড ব্যৱহাৰ নকৰাকৈ ঢেলাই ধলাৰ অভিযোগ স্থানীয় যুৱকৰ ।

উল্লেখযোগ্য যে গেলেকীৰ তৈল ক্ষেত্ৰৰ অন্তৰ্গত চেলচেলি গাঁৱৰ এটা পুৰণি তৈল খাদৰ ফিল্ডত নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে ফাউণ্ডেশ্যনৰ লগতে অন্যান্য কাম ।

জানিব পৰা মতে কামটোৰ নিবিদা লাভ কৰে লাকুৱা স্থিত ঠিকাদাৰে ।

কিন্তু অতি নিম্ন আৰু বিসংগতিৰে নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ কৰিছে স্থানীয় যুৱকে

যুৱকজনৰ মতে ONGC ৰ অভিযন্তাৰ অনুপস্থিতিত নিৰ্মাণ কৰা হয় ঢেলাইৰ কাম ।।

লগতে আৰু ভালেমান অভিযোগ কৰিছে স্থানীয় যুৱকজনে ONGC ৰ অভিযন্তাৰ বিষয়ে ।।

গতিকে ONGC ৰ শীৰ্ষ বীষয়াই বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত কৰিবলৈ আহ্বান জনাইছে স্থানীয় যুৱকজনে

ইয়াৰ অন্যথা ভয়ংকৰ দূৰ্ঘটনা ঘটাৰ আকংশা কৰিছে স্থানীয় যুৱকজনে ।