ONGC অপহৰণকাণ্ডৰ খলনায়ক বসন্ত বুঢ়াগোঁহাইক গ্ৰেপ্তাৰ

59

অএনজিচিৰ তিনিগৰাকী বিষয়াৰ অপহৰণ কাণ্ডই প্ৰতিদিনে মোৰ সলাইছে। শেহতীয়াকৈ এই অপহৰণ কাণ্ডৰ অন্যতম খলনায়ক বসন্ত বুঢ়াগোঁহাইক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। দীৰ্ঘদিন ধৰি চোৰাংচোৱাৰ নিৰীক্ষণত অৱস্থান কৰা বসন্ত বুঢ়াগোঁহাইৰ লগতে এই অপহৰণ কাণ্ডৰ সৈতে দুজন আৰক্ষী বিষয়াও জড়িত থকাৰ সন্দেহ কৰিছে অসম আৰক্ষীয়ে।

নিজেও অসম আৰক্ষীত কৰ্মৰত আছিল বসন্ত বুঢ়াগোঁহাই। ইফালে আৰক্ষীয়ে অপহৃত দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও এতিয়াও সম্ভেদ পোৱা নাই অপহৃত ৰিতুল শইকীয়াৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে।