ফাকুৱাৰ আনন্দৰ মাজতে দুলীয়াজানৰ টিপলিং গতিবাৰী অঞ্চলত বুধবাৰে বিয়পি পৰে এক তীব্ৰ আতংকৰ। হোলী উদযাপনৰ মাজতে হঠাৎ এটা বনৰীয়া চিতা বাঘে এজন স্থানীয় লোকক আক্ৰমণ কৰাৰ ফলত অঞ্চলটোত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বাঘটোৰ নখৰ আঘাতত গুৰুতৰভাৱে আহত হয় ৰুবুল দত্ত নামৰ এজন ব্যক্তি।
আহত দত্তক ততাতৈয়াকৈ দুলীয়াজানৰ অইল ইণ্ডিয়া হাস্পতালত ভৰ্তি কৰা হয়। চিকিৎসালয় সূত্ৰৰ মতে, বৰ্তমান তেওঁ বিপদৰ পৰা মুক্ত যদিও শৰীৰত গভীৰ আঘাতৰ চিন স্পষ্ট হৈ আছে। এই আক্ৰমণৰ পাছতে উত্তেজিত হৈ পৰা একাংশ লোকে বাঘটোক বেৰি ধৰে আৰু প্ৰহাৰ কৰি হত্যা কৰে। স্থানীয় ৰাইজৰ অভিযোগ যে দীৰ্ঘদিন ধৰি বন বিভাগক বাঘৰ উপদ্ৰৱৰ বিষয়ে অৱগত কৰা হৈছিল যদিও বিভাগে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে।
বিগত কেইবামাহো ধৰি দুলীয়াজানৰ মধুটিং বৰকলা আৰু টিপলিং আদি অঞ্চলত চিতা বাঘৰ মুক্ত বিচৰণে জনসাধাৰণক শংকিত কৰি ৰাখিছিল। বনৰীয়া বাঘে পোহনীয়া গৰু-ছাগলী আৰু কুকুৰ চিকাৰ কৰাৰ ফলত নিশা হ’লেই আতংকত ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া হৈছিল কেইবাটাও পৰিয়াল। এজন ব্যক্তিক আক্ৰমণ কৰাৰ পাছত ৰাইজৰ ধৈৰ্য্যৰ বান্ধ ছিগি যায় আৰু এই চৰম পথ বাছি লয়।
পাছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত বাঘটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। উজনি অসমত ক্ৰমাৎ বৃদ্ধি পোৱা মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতে এতিয়া প্ৰকৃতি প্ৰেমীসকলৰ মাজত চিন্তাৰ কাৰণ হৈ পৰিছে। এই ঘটনাই বন বিভাগৰ ক্ষিপ্ৰ সঁহাৰি আৰু জননিৰাপত্তাৰ বিষয়টোত পুনৰ এবাৰ প্ৰশ্নবোধক চিহ্ন অংকন কৰিছে।
