OLXত বিজ্ঞাপন: বিক্ৰী হব প্ৰধানমন্ত্ৰীৰ বাৰণসীস্থিত কাৰ্যালয়!

53

ডিজিটেল ডেস্ক: শেহতীয়াকৈ এটা বিজ্ঞাপনে সমগ্ৰ ভাৰততে খলকনি তুলিছে ৷ বিজ্ঞাপনটো হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাৰাণসীৰ কাৰ্যালয়টো বিক্ৰীৰ বিজ্ঞাপন ৷ বিজ্ঞাপন অনুসৰি প্ৰধানমন্ত্ৰীৰ বাৰণসীৰ কাৰ্যালয়টো ৭.৫কোটি টকাত ওএলএক্সৰ ৱেবছাইটত বিক্ৰীৰ বাবে প্ৰকাশ পাইছিল ৷

এই ঘটনাৰ সৈতে জৰিত চাৰিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই সন্দৰ্ভত তদন্ত চলাই থকা হৈছে আৰু তাৰ লগতে যিজন লোকে নৰেন্দ্ৰ মোডীৰ বাৰাণসীৰ কাৰ্যালয়টোৰ ছবিখন তুলিছিল তেওঁকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।