ভাৰতৰ দ্ৰুততম বিকাশশীল বৈদ্যুতিক বাহন ব্ৰেণ্ড Okaya EV-য়ে ‘ফাষ্ট’ শৃংখলাটো শক্তিশালী কৰি তেওঁলোকৰ শেহতীয়া স্কুটাৰ Okaya Faast F3 মুকলি কৰিছে। Okaya Faast F3- এনে এখন ই-স্কুটাৰ, যি এবাৰ চাৰ্জত ১২৫ কিলোমিটাৰলৈ এক ব্যতিক্ৰমী পৰিসৰ প্ৰদান কৰে। ৱাটাৰপ্ৰুফ আৰু ধুলি-প্ৰতিৰোধী আৰু লোডিং ক্ষমতাৰ ওপৰত আধাৰিত কৰি সৰ্বাধিক ৭০ কিমি গতি আছে এই ই-স্কুটাৰখনৰ। ইয়াৰ অনন্য বৈশিষ্ট্য আৰু সুৰক্ষাৰ মাপকাঠিৰ সৈতে Okaya Faast F3 নিৰ্ভৰযোগ্য আৰু সুলভ স্কুটাৰ বিচাৰি থকা লোকসকলৰ বাবে ডিজাইন কৰা হৈছে।
Okaya Faast F3 হৈছে ১২০০ ৱাট মটৰ আৰু ৩.৫৩ কিলোৱাট লি-আয়ন এলএফপি ডুৱেল বেটাৰিৰ দ্বাৰা চালিত এক সুলভ বৈদ্যুতিক স্কুটাৰ, যাৰ সৈতে আছে চুইটচেবল প্ৰযুক্তি। এই স্কুটাৰখন সম্পূৰ্ণ চাৰ্জ হ’বলৈ প্ৰয়োজন প্ৰায় ৪-৫ ঘণ্টা সময়ৰ আৰু ৩ বছৰৰ ৱাৰেণ্টিৰ সৈতে উপলব্ধ। স্কুটাৰখনত আছে ৰিজেনাৰেটিভ ব্ৰেকিং, ৰিভাৰ্চ মোড আৰু পাৰ্কিং মোডৰ লগতে টেলিস্কোপিক ফ্ৰণ্ট চাচপেনশ্বন আৰু হাইড্ৰলিক স্প্ৰিং শ্বক এবজৰ্বাৰ।
ফিচাৰ-পেকড স্কুটাৰ Faast F3-ৰ মূল্য হৈছে ৯৯,৯৯৯ টকা আৰু স্কুটাৰখন ছয়টা ৰঙত উপলব্ধ কৰা হ’ব; যাৰ ভিতৰত আছে মেটালিক ব্লেক, মেটালিক চিয়ান, মেটেল গ্ৰীণ, মেটালিক গ্ৰে, মেটালিক চিলভাৰ আৰু মেটালিক হোৱাইট। নতুনকৈ মুকলি কৰা Faast F3-ৰ সন্দৰ্ভত মন্তব্য কৰি ওৱায়া ইলেক্ট্ৰিক ভেহিকেলছৰ মেনেজিং ডাইৰেক্টৰ অংশুল গুপ্তাই কয়, “আমি নিশ্চিত যে Faast F3 বৈদ্যুতিক দুচকীয়া বাহন বজাৰত এক গেম-চেঞ্জাৰ হ’ব আৰু ই ভি স্থানত আমাৰ উপস্থিতি অধিক শক্তিশালী কৰাত আমাক সহায় কৰিব।”