সময় অতিক্ৰম কৰাৰ লগে লগে যিদৰে ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে আৰু উপসাগৰীয় সামুদ্ৰিক পথত মিছাইল আৰু ড্ৰ’ন আক্ৰমণ অবাধ হাৰত চলিব ধৰিছে, ইয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে বিশ্ব। ভাৰত চৰকাৰ ইয়াক লৈ অধিক উদ্বিগ্ন হৈ পৰিছে। ভাৰতে ক্ৰমাৎ বৃদ্ধি পোৱা হতাহতি, অৰ্থনৈতিক বিঘিনি আৰু ভাৰতীয় নাগৰিক আৰু বাণিজ্যিক পথৰ প্ৰতি প্ৰত্যক্ষ ভাবুকিক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে। মাত্ৰ তিনিদিন পূৰ্বে ২৮ ফেব্ৰুৱাৰীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা বিবৃতিখন চমু আছিল। ইয়াত উদ্বেগ প্ৰকাশ কৰিছিল, সংযমৰ আবেদন জনাইছিল আৰু সকলো দেশৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান জনোৱাৰ আহ্বান জনাইছিল আৰু শেহতীয়া বিবৃতিত ভাৰতে সংঘাত অন্তৰ বাবে আবেদন জনাইছে। সম্প্ৰসাৰিত আঞ্চলিক প্ৰভাৱক স্বীকাৰ কৰি মন্ত্ৰালয়ে মঙলবাৰে কয় যে সংঘাত আৰম্ভ হোৱাৰ পিছৰে পৰা পৰিস্থিতি ক্ৰমাগতভাৱে অৱনতি ঘটিছে আৰু ইয়াৰ অন্য দেশলৈ বিয়পি পৰিছে। বিবৃতিটোত কোৱা হৈছে যে ধ্বংস আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে আৰু স্বাভাৱিক জীৱন আৰু অৰ্থনৈতিক কাৰ্যকলাপত ব্যাঘাত জন্মিছে। বিবৃতিটোত ভাৰতক অঞ্চলটোৰ নিৰাপত্তা আৰু স্থিতিশীলতাৰ প্ৰতি গুৰুত্বপূৰ্ণ স্বাৰ্থ থকা ঘনিষ্ঠ প্ৰতিবেশী দেশ বুলি অভিহিত কৰি এই পৰিঘটনাই গুৰুতৰ চিন্তাৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰে। ইয়াৰ বিপদৰ মূল্যায়ন কৰি নতুন দিল্লীয়ে কয় যে উপসাগৰীয় দেশসমূহত প্ৰায় এক কোটি ভাৰতীয় নাগৰিক বাস কৰে আৰু কাম কৰে। সংযুক্ত আৰব আমিৰশ্বাহীত সৰ্বাধিক ভাৰতীয় নাগৰিকৰ সংখ্যা ৩৪ৰ পৰা ৩৫ লাখ, তাৰ পিছতে চৌদি আৰবত ২৫ৰ পৰা ৩০ লাখ আৰু কুৱেইটত ১০ লাখৰো অধিক। কাটাৰ আৰু ওমানত ৭ লাখতকৈ অধিক ভাৰতীয় থকাৰ বিপৰীতে বাহৰেইনত প্ৰায় ৩ লাখৰ পৰা ৩ লাখ ২০ হাজাৰ ভাৰতীয় লোক আছে। ইয়াৰে অধিকাংশই নিৰ্মাণ, খুচুৰা ব্যৱসায়, স্বাস্থ্যসেৱা, আৰু অন্যান্য সেৱা খণ্ডত নিয়োজিত। ভাৰতীয় মিছনে নাগৰিকসকলক প্ৰয়োজন অনুসৰি ঘৰৰ ভিতৰতে থাকিবলৈ, দূতাবাসৰ সৈতে যোগাযোগ বজাই ৰাখিবলৈ, সংঘাতৰ অঞ্চল পৰিহাৰ কৰিবলৈ পৰামৰ্শ দি কেইবাটাও পৰামৰ্শ জাৰি কৰিছে। বিমান বাতিল আৰু সীমান্ত বন্ধ হোৱাৰ বাবে আৱদ্ধ হৈ থকাসকলক সহায়ৰ বাবে জৰুৰীকালীন হেল্পলাইন মুকলি কৰিছে।
বিমান সংস্থাসমূহে সীমিত বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে বিগত ২৪ ঘণ্টাত উপসাগৰীয় দেশসমূহত আবদ্ধ হৈ থকা সীমিত সংখ্যক ভাৰতীয় লোক উভতি আহিবলৈ আৰম্ভ কৰিছে। প্ৰথমবাৰৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতিত ভাৰতীয়ৰ মৃত্যুৰ কথা নিশ্চিত কৰা হয়। বাণিজ্যক জাহাজত হোৱা আক্ৰমণৰ কথা উল্লেখ কৰি বিবৃতিটোত কোৱা হৈছে যে, বিগত কেইদিনমানৰ পৰা এনেধৰণৰ আক্ৰমণৰ ফলত একাংশ ভাৰতীয় নাগৰিকৰ মৃত্যু হৈছে বা নিৰুদ্দেশ হৈছে। ভাৰতে এনে আক্ৰমণৰ তীব্ৰ বিৰোধিতা কৰে বুলি উল্লেখ কৰে। ভাৰতে সকীয়াই দিছিল যে আমাৰ বাণিজ্য আৰু শক্তি যোগান শৃংখলসমূহো এই ভৌগোলিক অঞ্চলৰ মাজেৰে পাৰ হৈ যায় আৰু যিকোনো বৃহৎ বিঘিনিৰ ফলত ভাৰতীয় অৰ্থনীতিৰ বাবে গুৰুতৰ পৰিণতি হ’ব। ভাৰতে নিজৰ প্ৰয়োজনীয় খাৰুৱা তেল প্ৰায় ৮৫ৰ পৰা ৯০ শতাংশ, প্ৰতিদিনে প্ৰায় ৫৫ৰ পৰা ৫৬ লাখ বেৰেল আমদানি কৰে, ইয়াৰে এক তৃতীয়াংশতকৈ অধিক বেৰেল হৰমুজ জলদ্বীপৰ মাজেৰে আমদানি কৰে। হৰমুজ জলদ্বীপটোত এতিয়া ইৰানে বিদেশী বাণিজ্য জাহাজ চলাচলত নিষিদ্ধ ঘোষণা কৰিছে। এক কথাত লকডাউন ঘোষণা কৰিছে। কিন্তু এই ক্ষেত্ৰত চীনক ৰেহাই দিয়া হৈছে। আন দেশৰ জাহাজৰ ওপৰত দেখা মাত্ৰেই আক্ৰমণৰ সিদ্ধান্ত লৈছে ইৰানে। ইয়াৰ ফলত অধিক উদ্বিগ্ন হৈ পৰিছে ভাৰত চৰকাৰ। কিয়নো ভাৰতৰ তৰলীকৃত প্ৰাকৃতিক গেছ (এল এন জি) আমদানিৰ প্ৰায় আধাও এই পথৰ ওপৰত নিৰ্ভৰশীল, প্ৰায় ৪০ শতাংশ দীৰ্ঘম্যাদী চুক্তিৰ অধীনত কাটাৰৰ পৰা আমদানি হয়।
যোগান শৃংখলা বিঘ্নিত হোৱাৰ বাবেই মঙলবাৰে বিশ্বব্যাপী বেঞ্চমাৰ্ক ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৮৫ ডলাৰৰ ওপৰত বৃদ্ধি পাইছে। যদিহে হৰমুজ জলদ্বীপ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে তেন্তে প্ৰতি বেৰেলত মূল্য ৯০-১০০ ডলাৰলৈ বৃদ্ধি পাব পাৰে, যাৰ ফলত ভাৰতৰ আমদানি বিল কোটি কোটি ডলাৰ বৃদ্ধি পাব পাৰে, যাৰ ফলত মুদ্ৰাস্ফীতি আৰু টকাৰ ওপৰত হেঁচা পৰিব পাৰে। উল্লেখ্য যে ইৰান আৰু আমেৰিকা আৰু ইজৰাইলৰ সংঘাতৰ ফলত হৰমুজ জলদ্বীপত এই অৱৰোধ এনে সময়ত হৈছে, যি সময়ত পশ্চিম এছিয়াৰ খাৰুৱা তেলৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা বাঢ়িছে, ট্ৰাম্প প্ৰশাসনৰ হেঁচাত ভাৰতীয় শোধনাগাৰসমূহে ৰাছিয়াৰ তেল ক্ৰয় হ্ৰাস কৰিছে। সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে, ভাৰতে খাৰুৱা তেল, এল এন জি, আৰু এল পি জিৰ বিকল্প উৎস বিচাৰিছে যদিহে সংঘাত দহ দিন বা পষেকতকৈ অধিক সময় থাকে। পশ্চিম এছিয়াৰ সংঘাতৰ চতুৰ্থ দিনটোত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে মধ্যপ্ৰাচ্যৰ পৰা হ্ৰস্বম্যাদী ব্যাঘাতৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতত পেট্ৰ’ল, ডিজেল, আৰু এ টি এফ (জেট ইন্ধন)কে ধৰি খাৰুৱা তেল আৰু মূল পেট্ৰলিয়াম সামগ্ৰীৰ পৰ্যাপ্ত মজুত আছে। ভাৰতৰ স্থিতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম আমদানিকাৰক, চতুৰ্থ বৃহত্তম শোধনাগাৰ, আৰু পঞ্চম বৃহত্তম পেট্ৰলিয়াম সামগ্ৰীৰ ৰপ্তানিকাৰক। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতীয় শক্তি কোম্পানীসমূহে এতিয়া হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ নোহোৱা শক্তি যোগানৰ সুবিধা লাভ কৰিছে, যিয়ে পশ্চিম এছিয়াত যোগানৰ ব্যাঘাতৰ ক্ষতিপূৰণ দিব পাৰে।
