ওড়িশাৰ শিক্ষাবিদ , প্ৰাক্তন সাংসদ অধ্যাপক অচ্যুতা সামান্তলৈ গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা

148

ওড়িশাৰ প্রখ্যাত সমাজকর্মী, শিক্ষাবিদ, প্ৰাক্তন সাংসদ আৰু ভলীবল ফেডাৰেচন অফ ইণ্ডিয়াৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অধ্যাপক   অচ্যুতা সামান্তলৈ এইবেলি গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা-২০২৫ প্ৰদান কৰা হব । এটা প্ৰেছ বিবৃতিযোগে এই  ঘোষণা কৰিছে গুৰুদেৱ কালিচৰণ ব্রহ্ম ন্যাসৰ সভাপতি ড°  অজিত বড়োৱে।  প্ৰেছ বিবৃতিটোত সপ্তম গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা-২০২৫ৰ বাবে ওড়িশাৰ কলিংগ ইনষ্টিটিউট অব্ ছ’চিয়েল ছায়েন্স আৰু কলিংগ ইনষ্টিটিউট অব্ ইণ্ডাষ্ট্রিয়েল টেকন’লজিৰ প্ৰতিষ্ঠাপক অচুত্যা সামান্তক নিৰ্বাচিত কৰা বুলি ঘোষণা কৰে।

তেওঁক অহা ১৮ এপ্রিলত বাক্সা জিলাৰ বৰমা মহাবিদ্যালয়ত অনুষ্ঠিত হবলগীয়া গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ ১৬৬সংখ্যক জন্ম জয়ন্তীত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ উপস্থিতিত বঁটা প্রদান কৰা হ’ব। এই বঁটাত অচ্যুতা সামান্তক ন্যাসৰ তৰফৰ পৰা নগদ এক লাখ টকা, প্রশস্তি-পত্র, প্রতীক পট আৰু বড়ো জনগোষ্ঠীৰ স্বাভিমান আৰনাইৰে সম্বৰ্ধনা জনোৱা হ’ব। 

উক্ত বঁটাৰ ধন এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক জয়ন্ত কছাৰীয়ে নিজৰ তৰফৰ পৰা প্ৰদান কৰিব । উল্লেখযোগ্য যে ওড়িশাৰ কান্দামালৰ নিৱাসী শিক্ষাবিদ অচ্যুতা সামান্তৰ ১৯৬৫ চনত জন্ম হৈছিল আৰু ১৯৮৭ চনত উৎকল বিশ্ববিদ্যালয়ত ৰসায়ন বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে সমাজ বিজ্ঞানত ডক্টৰেট ডিগ্রী লাভ কৰিছিল।  তেঁও পূৰ্বতে লোকসভা আৰু ৰাজ্যসভাৰ  সাংসদ  হিচাপেও ওড়িশাক প্ৰতিনিধিত্ব কৰিছিল ।