গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ১০ অক্টোবৰ, শুকুৰবাৰে। ১১ অক্টোবৰ, শনিবাৰে ভোটগণনা কৰা হ’ব আৰু সেইদিনাই ফলাফল ঘোষণা কৰা হ’ব। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত এই কথা ঘোষণা কৰে গুৱাহাটী প্ৰেছ ক্লাব নির্বাচন সমিতিয়ে। উল্লেখ্য, ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শর্মাক অধ্যক্ষ হিচাপে লৈ গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচন সমিতি গঠন কৰি দিছে গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভাই। নির্বাচন সমিতিৰ আন চাৰিগৰাকী সদস্য হৈছে ক্রমে ‘দৈনিক অসম’ৰ জ্যেষ্ঠ সাংবাদিক অতুল্য মাধৱ গোস্বামী, ‘প্রতিদিন টাইম’ৰ জ্যেষ্ঠ সাংবাদিক জিষ্ণু মেধি, ‘এন ডি ২৪’ৰ জ্যেষ্ঠ সাংবাদিক অনিতা কলিতা গোস্বামী আৰু ‘ডি বাই ৩৬৫’ৰ জ্যেষ্ঠ সাংবাদিক প্রশান্ত বল্লভ হাজৰিকা। নির্বাচন সমিতিৰ অনুৰোধ মর্মে জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে সমিতিৰ আইন উপদেষ্টাৰ দায়িত্ব বহন কৰিবলৈ সন্মতি প্রকাশ কৰিছে। নির্বাচন সমিতিয়ে এখন উপদেষ্টা পৰিষদ গঠন কৰাৰ সিদ্ধান্ত লৈছে।
শনিবাৰৰ সংবাদমেলত নির্বাচন সমিতিয়ে ঘোষণা কৰা মতে, ৯ ছেপ্টেম্বৰ, মঙলবাৰে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ’ব আৰু সেইদিনাৰ পৰাই বলৱৎ হ’ব নির্বাচনী আচৰণবিধি। ১০ ছেপ্টেম্বৰ (বুধবাৰ), ১১ ছেপ্টেম্বৰ (বৃহস্পতিবাৰ) আৰু ১২ ছেপ্টেম্বৰৰ (শুকুৰবাৰ) পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈ ইচ্ছুকসকলে গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা (নির্বাচন সমিতিৰ কাৰ্যালয়ৰ পৰা) মনোনয়ন-পত্র সংগ্ৰহ কৰিব পাৰিব। ১৪ ছেপ্টেম্বৰ (দেওবাৰ), ১৫ ছেপ্টেম্বৰ (সোমবাৰ) আৰু ১৬ ছেপ্টেম্বৰ (মঙলবাৰ) মনোনয়ন-পত্র দাখিল কৰাৰ দিন ধার্য কৰা হৈছে। কেউদিনেই পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজাৰ ভিতৰত ইচ্ছুকসকলে নির্বাচন সমিতিৰ কাৰ্যালয়ত মনোনয়ন-পত্র দাখিল কৰিব পাৰিব।
১৮ ছেপ্টেম্বৰ, বৃহস্পতিবাৰে মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। সেইদিনাই যোগ্য প্রার্থীসকলৰ তালিকা প্ৰস্তুত কৰা হ’ব। মনোনয়ন-পত্র প্রত্যাহাৰৰ অন্তিম দিন ২০ ছেপ্টেম্বৰ, শনিবাৰ। সেইদিনা পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজাৰ ভিতৰত ইচ্ছুকসকলে মনোনয়ন-পত্র প্রত্যাহাৰ কৰিব পাৰিব। এই বিষয়ে নির্বাচন সমিতিক লিখিতভাবে অৱগত কৰিব লাগিব। মনোনয়ন-পত্র প্রত্যাহাৰৰ যাৱতীয় আনুষ্ঠানিকতা সম্পূর্ণ হোৱাৰ পাছত প্রতিদ্বন্দ্বিতাত অবতীর্ণ হ’বলগীয়া প্রার্থীৰ চূড়ান্ত তালিকা প্রকাশ কৰা হ’ব। ৮ অক্টোবৰ, বুধবাৰে আবেলি ৪ বজাত নির্বাচনী প্রচাৰৰ অন্ত পৰিব। ১০ অক্টোবৰ, শুকুৰবাৰে পুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হ’ব ভোটগ্রহণ পর্ব। ১১ অক্টোবৰ, শনিবাৰে পুৱা ৯ বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত ভোটগণনা কৰা হ’ব।
