এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী

175

নেহৰু ষ্টেডিয়ামত চলি থকা প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাৰ ছিনিয়ৰ ল’ৰাৰ ৰিকাৰ্ভ শাখাত শীৰ্ষ তিনিটা স্থান লাভ কৰিছে ক্ৰমে ৰেল’ৱেৰ যশদ্বীপ ভ’গে, উত্তৰ প্ৰদেশৰ নীৰজ চৌহান আৰু পি এছ পি বিৰ অতনু দাসে৷

অসম আৰ্চাৰী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনৰ ফাইনেলত ছিনিয়ৰ ছোৱালীৰ ৰিকাৰ্ভ শাখাত গুজৰাটৰ ভাগ’ৰা ভাৰ্গৱীয়ে প্ৰথম, হাৰিয়ানাৰ সংগীতা দ্বিতীয় আৰু মহাৰাষ্ট্ৰৰ সৃষ্টি বালাজীয়ে তৃতীয় স্থান লাভ কৰে৷

আনহাতে, ছোৱালীৰ শীৰ্ষ তিনিটা স্থান লাভ কৰে ক্ৰমে মহাৰাষ্ট্ৰৰ মাধুৰী আৰু পূৰ্বাশা সিন্ধে তথা মধ্য প্ৰদেশৰ মুছকান কিৰাৰে৷ অসম আৰ্চাৰী সন্থাৰ সম্পাদক জয়ন্ত বড়োই জনোৱা অনুসৰি অহা ১৪-১৫ আগষ্টত জুনিয়ৰ আৰু ১৭-১৮ আগষ্টত ছাৱ-জুনিয়ৰৰ খেল হ’ব৷