উত্তৰ প্ৰদেশত যুৱ কৰ্মসংস্থাপন বৃদ্ধিৰ বাবে এনএছডিচিৰ উদ্যোগত বিজনোৰত আয়োজন কৌশল মহোৎসৱৰ

192

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)-এ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ সহযোগত উত্তৰ প্ৰদেশৰ বিজনোৰত ‘কৌশল মহোৎসৱ : নিয়োগ প্ৰস্তুতি কাৰ্যসূচী’ ৰূপায়ণ কৰা হৈছে। বিভাগীয় মন্ত্ৰী জয়ন্ত চৌধুৰীৰ দ্বাৰা পৰিচালিত এই পদক্ষেপৰ লক্ষ্য হৈছে বিজনোৰক দক্ষ কৰ্মশক্তিক ব্যৱহাৰ কৰি বিকাশৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা। সাংসদ চন্দন সিং চৌহান, জিলা দণ্ডাধীশ অংকিত কুমাৰ আগৰৱাল, এনএছডিচিৰ চিঅ’অ’ বেদমণি তিৱাৰীকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰা এই উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দক্ষ জনশক্তিৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ৰূপায়ণ কৰা ইতিবাচক পদক্ষেপৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰা হয়।

এই বিষয়ে সাংসদ চন্দন সিং চৌহানে কয় যে, “আমাৰ যুৱ প্ৰজন্মৰ বাবে কৌশল মহোৎসৱ হৈছে যুৱক-যুৱতীৰ দক্ষতা প্ৰদৰ্শন আৰু আজীৱন প্ৰমাণপত্ৰ সুৰক্ষিত কৰাৰ এক সোণালী সুযোগ।” এনএছডিচিৰ চিঅ’অ’ বেদমণি তিৱাৰীয়ে ভাৰতৰ যুৱপ্ৰজন্মৰ বাবে অপেক্ষা কৰি থকা বিশ্বব্যাপী সুযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “বিশ্বৰ প্ৰতি চতুৰ্থ ডলাৰ এদিন এজন ভাৰতীয়ই উৎপন্ন কৰিব।”

২০২৪ৰ ২৫ আগষ্টলৈকে চলিবলগীয়া এই কাৰ্যসূচীত বিভিন্ন খণ্ডৰ বাবে প্ৰয়োজনীয় দক্ষতাসমূহ সামৰি ৫ দিনীয়া নিয়োগযোগ্যতা প্ৰশিক্ষণ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে বিজনোৰৰ দক্ষ কৰ্মশক্তিক সমগ্ৰ উত্তৰ প্ৰদেশ আৰু চুবুৰীয়া অঞ্চলৰ নিয়োগকৰ্তাৰ সৈতে সংযোগ কৰি স্থানীয় অৰ্থনৈতিক বৃদ্ধিৰ পথ সূচনা কৰা।