নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)-এ শৈক্ষিক প্ৰযুক্তি প্লেটফৰ্ম কো-লাৰ্ন আৰু শিখৰ ধাৱানৰ ডিএ ৱান স্পৰ্টছৰ সহযোগত সমগ্ৰ ভাৰতত প্ৰশিক্ষকসকলক উন্নত কৰাৰ বাবে ক্ৰিকেট প্ৰশিক্ষক শৈক্ষিক পাঠ্যক্ৰম আৰম্ভ কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে প্ৰশিক্ষণৰ মানদণ্ড উন্নত কৰা আৰু ক্ৰীড়া উদ্যোগত দক্ষ প্ৰশিক্ষকৰ বৰ্ধিত চাহিদা পূৰণ কৰা। এই সহযোগিতাৰ অধীনত এনএছডিচি-এ সজাগতা কৰ্মশালাৰ সুবিধা প্ৰদান কৰিব আৰু দক্ষতা ঋণ প্ৰদান কৰিব,কো-লাৰ্নে পাঠদান আৰু প্লেচমেণ্ট(নিয়োগ)ৰ ব্যৱস্থা কৰিব, আনহাতে ডি এ ৱান স্প’ৰ্টছে ছাত্ৰৰ মূল্যায়ন আৰু অন-ফিল্ড প্ৰশিক্ষণৰ দিশসমূহ চম্ভালিব। এই পদক্ষেপত খেলুৱৈৰ প্ৰদৰ্শন আৰু খেলত দলৰ গতিশীলতা বৃদ্ধিৰ বাবে আধুনিক প্ৰশিক্ষক কৌশল, খেলুৱৈ বিশ্লেষণ আৰু আঘাত প্ৰতিৰোধ কৌশলসমূহো সামৰি লোৱা হ’ব।
উত্তৰ-পূব ভাৰততো ক্ৰিকেটে জনপ্ৰিয়তা লাভ কৰাৰ লগে লগে গুৱাহাটীয়ে এই পদক্ষেপৰ জৰিয়তে লাভান্বিত হ’বলৈ সাজু হৈছে। স্থানীয় ক্ৰিকেট একাডেমী আৰু প্ৰশিক্ষণ কেন্দ্ৰসমূহে এই পদক্ষেপৰ জৰিয়তে প্ৰমাণিত প্ৰশিক্ষক নিয়োগ কৰিব পাৰে, তৃণমূল পৰ্যায়ৰ উন্নয়ন সাধন কৰিব পাৰে আৰু অঞ্চলটোত উচ্চাকাংক্ষী পেছাদাৰীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব পাৰে।
কো-লাৰ্নৰ সৃষ্টি জৈনে এই পদক্ষেপক “গেম-চেঞ্জাৰ” বুলি অভিহিত কৰিছে, আনহাতে ক্ৰিকেটাৰ শিখৰ ধাৱানে ভৱিষ্যতৰ ক্ৰিকেট প্ৰতিভা গঢ়ি তোলাত এনে পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই পদক্ষেপে কেৰিয়াৰ বিকাশৰ সমৰ্থন আগবঢ়াই প্ৰশিক্ষিত প্ৰশিক্ষকসকল ভাৰতৰ বিস্তাৰিত ক্ৰীড়া পৰিস্থিতিতন্ত্ৰ উন্নত কৰি আগুৱাই লৈ যোৱাৰ বাবে ভালদৰে নিজকে প্ৰস্তুত হোৱাটো নিশ্চিত কৰে।