এনএছডিচি : গ্ৰেট প্লেচ টু ৱৰ্ক®ৰ দ্বাৰা সন্মানিত

407

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ জ্ঞান আৰু ৰূপায়ণ অংশীদাৰ নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)ক গ্ৰেট প্লেচ টু ৱৰ্ক® ইণ্ডিয়াই অ-লাভজনক আৰু দাতব্য শ্ৰেণীৰ অধীনত স্বীকৃতি প্ৰদান কৰিছে। ২০০৮ চনত আৰম্ভণিৰে পৰাই এনএছডিচিয়ে বৃহৎ আৰু গুণগত মানসম্পন্ন বৃত্তিমূলক প্ৰতিষ্ঠান সৃষ্টিৰ অনুঘটক হিচাপে দক্ষতা বিকাশৰ প্ৰসাৰ-প্ৰচাৰ কৰি আহিছে। এই কোম্পানীটোৱে উদ্যোগখণ্ডলৈ উল্লেখযোগ্য পদক্ষেপৰ জৰিয়তে দক্ষতাক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডলৈও উন্নীত কৰিছে আৰু মানদণ্ড, পাঠ্যক্ৰম আৰু গুণগত নিশ্চয়তাৰ বাবে প্ৰয়োজনীয় ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰিছে। এনএছডিচিয়ে এনে এক কৰ্মক্ষেত্ৰ সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ য’ত সকলোৱে কেৱল নিজৰ কামতে নহয়, নিজৰ কল্যাণৰ ক্ষেত্ৰতো সমৃদ্ধি আৰু লাভৱান হ’ব পাৰে।

দ্য গ্ৰেট প্লেচ টু ৱৰ্ক® হৈছে ৱৰ্কপ্লেচ কালচাৰ(কৰ্মক্ষেত্ৰৰ সংস্কৃতি)ৰ এক বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান, যিয়ে সংস্থাসমূহক ধাৰাবাহিকভাৱে ইতিবাচক কৰ্মচাৰীৰ অভিজ্ঞতা সৃষ্টি কৰাত সহায় কৰে। ভাৰতত কোম্পানীটোৱে বছৰি ১৪০০ৰো অধিক সংস্থাৰ সৈতে সহযোগিতা কৰে, যিয়ে ২২টা বৈচিত্ৰময় উদ্যোগক সামৰি লৈছে। এনএছডিচিৰ বিকাশ আৰু সমান সুযোগৰ প্ৰধান মূল্যবোধে পথ প্ৰদৰ্শক স্তম্ভ হিচাপে কাম কৰে, যাৰ ফলত প্ৰতিজন কৰ্মচাৰীয়ে নিজকে উন্নতি কৰিবলৈ বা লাভৱান হ’বলৈ অনুপ্ৰাণিত হয়। এই প্ৰমাণপত্ৰই এনএছডিচিৰ এক পৰিৱেশ গঢ়ি তোলাৰ প্ৰতি অটল প্ৰতিশ্ৰুতিক সূচায়, যিয়ে শিক্ষণ, উদ্ভাৱন আৰু সমান সুযোগ প্ৰদান কৰি চেম্পিয়ন কৰি তোলে।

এই বিষয়ে এনএছডিচিৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু এনএছডিচি ইণ্টাৰনেচনেলৰ এমডি বেদমণি তিৱাৰীয়ে কয় যে, “এই প্ৰমাণপত্ৰই শিক্ষণ, উদ্ভাৱন আৰু সমান সুযোগৰ চেম্পিয়ন বা বিজয়ী কৰি তোলা পৰিৱেশ গঢ়ি তোলাৰ বাবে আমাৰ গভীৰ প্ৰতিশ্ৰুতিক সূচায়।”