নেচনেল স্কিল ভেভেলপমেণ্ট কৰ্পৰেচন (এনএছডিচি) আৰু টিচিএছ আইঅ’নে ৰাষ্ট্ৰীয় দক্ষতা পৰীক্ষা(নেচনেল প্ৰফিচিয়েঞ্চি টেষ্ট) চমুকৈ এনপিটি আৰম্ভ কৰাৰ লগতে সমগ্ৰ ভাৰততে দক্ষতা বৃদ্ধি আৰু যুৱক-যুৱতীসকলৰ নিয়োগযোগ্যতা বৃদ্ধিৰ বাবে উদ্যোগৰ স্বীকৃতিপ্ৰাপ্ত প্ৰমাণপত্ৰ প্ৰদানৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এনপিটি হৈছে এক দেশজোৰা মূল্যায়ন, যিয়ে ছাত্ৰ-ছাত্ৰী, চাকৰি প্ৰত্যাশী আৰু পেছাদাৰীসকলক নিজৰ দক্ষতাক বৈধতা প্ৰদান কৰিবলৈ আৰু স্কিল ইণ্ডিয়া ডিজিটেল হাবৰ জৰিয়তে নিৰ্দিষ্ট ক্ষেত্ৰত স্বীকৃতি লাভ কৰিবলৈ সক্ষম কৰি তোলে।
এই সহযোগিতাই ভাৰতৰ দুটা বিশ্বাসযোগ্য সংস্থাৰ শক্তিৰ সংমিশ্ৰণ ঘটায় আৰু প্ৰথমাৱস্থাত তথ্যপ্ৰযুক্তি, বিএফএছআই, উৎপাদন আৰু স্বাস্থ্যসেৱাৰ দৰে খণ্ডসমূহৰ লগতে এইচআৰ, বিত্ত, বিক্ৰী তথা বিপণন আৰু অনুসৰণ কৰিবলগীয়া অন্যান্য বহুতো ডমেইনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সহযোগিতাৰ বিষয়ে গভীৰ আশাবাদ ব্যক্ত কৰি এনএছডিচিৰ মুখ্য কাৰ্যবাহী বিষয়া বেদমণি তিৱাৰীয়ে কয় যে, “আমাৰ দেশত নিয়োগযোগ্যতাৰ ব্যৱধান দূৰ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে বিবেচিত হৈছে এই সহযোগিতা।”
এই অংশীদাৰিত্ব সন্দৰ্ভত নিজৰ বক্তব্য ৰাখি টিচিএছ আয়নৰ গ্লোবেল হেড ভেংগুস্বামী ৰামাস্বামীয়ে কয় যে, “আমি এই সহযোগিতাৰ কথা প্ৰকাশ কৰিবলৈ যথেষ্ট উৎসাহিত হৈছোঁ, যাৰ উদ্দেশ্য হৈছে দেশত দক্ষতা মূল্যায়নৰ বাবে এক শক্তিশালী পৰিকাঠামো স্থাপন কৰা।” এই সহযোগিতাই দক্ষতা পৰিস্থিতিতন্ত্ৰৰ ভিতৰত ডিজিটেল পৰিৱৰ্তনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰে, ইয়াৰ লগেত প্ৰতি তিনিমাহত নতুন দক্ষতা এনপিটি প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰা হৈছে।