ভাৰতীয় যুৱক-যুৱতীসকলৰ নিয়োগযোগ্যতা দক্ষতা বৃদ্ধিৰ বাবে অংশীদাৰিত্ব কৰিছে এনএছডিচি আৰু পিয়ৰছনে

36

দেশৰ যুৱক-যুৱতীসকলৰ নিয়োগযোগ্যতা দক্ষতা বৃদ্ধি কৰি উন্নীতকৰণৰ বাবে ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএছডিচি) আৰু পিয়েৰছনে এক অংশীদাৰিত্ব গঢ়ি তুলিছে। এই অংশীদাৰিত্বই পিয়েৰচন ভিইউইৰ আইটি বিশেষজ্ঞ প্ৰমাণীকৰণ আৰু ইংৰাজী ভাষা পৰীক্ষণ কাৰ্যসূচী, ভাৰ্চেণ্ট আৰু মণ্ডলীক এনএছডিচিৰ ই-লাৰ্নিং প্লেটফৰ্মত একত্ৰিত কৰিব।

কম্পিউটাৰ-আধাৰিত পৰীক্ষণৰ পথ প্ৰদৰ্শক পিয়েৰচন ভিইউইয়ে বছৰি সমগ্ৰ শিক্ষা, তথ্যপ্ৰযুক্তি আৰু স্বাস্থ্যসেৱাত ১ কোটি ৯০ লাখতকৈ অধিক লোকৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰে। তথ্যপ্ৰযুক্তি বিশেষজ্ঞ প্ৰমাণীকৰণ প্ৰগ্ৰামে চফ্টৱেৰ ডেভেলপমেণ্ট, নেটৱৰ্কিং আৰু ছিকিউৰিটীৰ জ্ঞানক বৈধতা প্ৰদান কৰে, আই টি পেছাদাৰীসকলৰ বাবে অত্যাৱশ্যকীয় প্ৰশিক্ষণো প্ৰদান কৰে। ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমৰ মুখ্য কাৰ্যবাহী বিষয়া বেদমণি তিৱাৰী আৰু পিয়েৰচন ইণ্ডিয়াৰ দেশৰ মুৰব্বী বিনয় স্বামীৰ দ্বাৰা স্বাক্ষৰিত অখিল ভাৰতীয় শিক্ষা সমাগম ২০২৩ত এই অংশীদাৰিত্বৰ কথা ঘোষণা কৰা হয়। এই বিষয়ে সদৰি কৰি এনএছডিচিৰ চিইঅ’ আৰু এনএছডিচি ইণ্টাৰনেচনেলৰ এমডি বেদমণি তিৱাৰীয়ে কয় যে, “ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে দক্ষতা উৎকৰ্ষতা আৰু কেৰিয়াৰ বৃদ্ধিক আগুৱাই নিয়াৰ বাবে আমাৰ অটল প্ৰতিশ্ৰুতিৰ প্ৰমাণ হিচাপে এই সহযোগিতা থিয় দিছে।”

এই পিয়েৰছন ভিইউই হৈছে হাই-ষ্টেক পৰীক্ষাৰ বিকাশ আৰু ডেলিভাৰীৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান। পৃথিৱীৰ ১৮০খন দেশত ২০,০০০টা নিৰাপদ পৰীক্ষা কেন্দ্ৰ আছে পিয়েৰছনৰ। ভাৰ্চেণ্ট হৈছে ব্যৱসায়ৰ বাবে এটা দক্ষ ভাষা পৰীক্ষণ সমাধান। আনহাতে মণ্ডলীয়ে নিজৰ এপ, ৱেবছাইট, ভাৰ্চুৱেল ৰিয়েলিটী আৰু বৰ্ধিত ৰিয়েলিটী প্ৰডাক্টৰ জৰিয়তে ইংৰাজী আৰু ৪০টা ভাষাত প্ৰদান কৰে শীৰ্ষ-স্তৰৰ নিৰ্দেশনা।