এনএছডিচি আৰু আইআইটি মাণ্ডিৰ কৌশলগত অংশীদাৰীত্ব ঘোষণা

755

ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম (এনএছডিচি) আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) মাণ্ডিয়ে ভাৰতৰ যুৱ ভৱিষ্যত সাজু কৰাৰ বাবে আধুনিক প্ৰযুক্তিত ছয় মাহৰ চাৰ্টিফিকেট আৰু ন মাহীয়া এডভান্স চাৰ্টিফিকেট প্ৰ’গ্ৰামকে ধৰি দুটা চাৰ্টিফিকেট প্ৰ’গ্ৰাম আৰম্ভ কৰাৰ বাবে এক কৌশলগত অংশীদাৰীত্ব ঘোষণা কৰিছে। শিক্ষাৰ্থীসকলক ডাটা চাইন্স আৰু মেচিন লাৰ্নিংত শিক্ষিত কৰাৰ লক্ষ্য ৰাখিছে। এই প্ৰ’গ্ৰাম ১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব। এই পাঠ্যক্ৰমৰ জৰিয়তে, শিক্ষাৰ্থীসকলক ডাটা এনালাইটিক, ডাটা মেনেজমেণ্ট, ডাটা চাইন্স, বিজনেজ এনালাইটিক আৰু বিজনেজ ইন্টালিজেন্সৰে জৰিয়তে কেৰিয়াৰ গঢ়ি তুলিবলৈ সক্ষম কৰা হ’ব।

পাঠ্যক্ৰমবোৰ আইআইটি মাণ্ডি ফেকাল্টিৰ দ্বাৰা পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে প্ৰদান কৰা হ’ব। এই কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলক ডাটা চাইন্সত এক শক্তিশালী ভেটি গঢ়ি তুলিবলৈ অনুমতি দিব আৰু তেওঁলোকক ডাটা-চালিত সিদ্ধান্ত লোৱাৰ বাবে পাইথন চাৰ্টিফিকেটৰ সৈতে যন্ত্ৰ শিক্ষণত বিশেষজ্ঞ হোৱাত সহায় কৰিব। চাৰ্টিফিকেটখন এনএছডিচি আৰু আইআইটি মাণ্ডিৰ দ্বাৰা যুটীয়াভাৱে প্ৰদান কৰা হ’ব। বি.ই./ বি. টেক গ্ৰেজুৱেট আৰু ফাইনেল ছেমিষ্টাৰ বি.ই./বি. টেক আণ্ডাৰ গ্ৰেজুৱেট অনুসৰণ কৰা শিক্ষাৰ্থীসকল এই পাঠ্যক্ৰমবোৰৰ বাবে যোগ্য

আগ্ৰহী প্ৰাৰ্থীৰ বাছনি এটা যোগ্যতা পৰীক্ষাৰ জৰিয়তে সম্পন্ন কৰা হ’ব। ১৫ আৰু ১৬ অক্টোবৰত এটা অনলাইন স্ক্ৰীণিং পৰীক্ষা অনুষ্ঠিত কৰা হ’ব আৰু শিক্ষাৰ্থীসকলে https://bit.ly/CCEIITM পঞ্জীয়ন কৰিব পাৰে। এই সহযোগিতাৰ অধীনত পাঠ্যক্ৰমত multiple modules, case studies, industry projects, interactive exercises, doubt-solving sessions আৰু বহুতো অন্তৰ্ভুক্ত থাকিব। উদ্যোগ প্ৰকল্পসমূহে পাঠ্যক্ৰমৰ অংশগ্ৰহণকাৰীসকলক ডাটা চাইন্স আৰু মেচিন লাৰ্নিংৰ ক্ষেত্ৰত উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে সংযোজিত বিষয়বোৰত কাম কৰিবলৈ সক্ষম কৰিব।