এনএছডিচি আৰু ব্ৰিটানিয়াই আৰম্ভ কৰিছে পৰিৱৰ্তনশীল মহিলা উদ্যমিতা কাৰ্যসূচী

111

ব্ৰিটানিয়া ইণ্ডাষ্ট্ৰীজৰ সহযোগত নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)-এ সমগ্ৰ ভাৰতৰ ২৫ লাখ মহিলাক সবলীকৰণৰ বাবে মহিলা উদ্যমিতা কাৰ্যসূচী আৰম্ভ কৰিছে। এই পদক্ষেপে স্কিল ইণ্ডিয়া ডিজিটেল হাব(এছআইডিএইচ)ত বিনামূলীয়া স্ব-শিক্ষণ উদ্যমিতা পাঠ্যক্ৰম প্ৰদান কৰিছে, যি একাধিক ভাষাত উপলব্ধ, পাঠ্যক্ৰমৰ অন্তত এনএছডিচি, ব্ৰিটানিয়া আৰু এনআইইএছবিইউডিৰ প্ৰমাণপত্ৰ লাভ কৰিব প্ৰশিক্ষাৰ্থীসকলে।

এই স্ব-শিক্ষণ উদ্যমিতা পাঠ্যক্ৰমত অংশগ্ৰহণকাৰীসকলে নিজৰ ব্যৱসায় আৰম্ভ আৰু বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ দক্ষতা লাভ কৰিব। এই পদক্ষেপৰ চূড়ান্ত খণ্ড(ফিনালে)ত শীৰ্ষ ৫০ গৰাকী প্ৰতিযোগীয়ে নিজৰ ধাৰণা বিচাৰকৰ সমুখত উপস্থাপন কৰিব, এইসকলৰ মাজৰ পৰা ব্ৰিটানিয়াই ১০গৰাকী বিজয়ীক ১০ লাখ টকা অনুদান হিচাপে প্ৰদান কৰিব। ইয়াৰ উপৰিও এনএছডিচিয়ে ১০,০০০ প্ৰতিযোগীক ইনকিউবেচন সমৰ্থনো আগবঢ়াব, যিয়ে ব্যৱসায়িক মডেল নিৰ্বাচন, কৰ্মশালা আৰু চৰকাৰী আঁচনিৰ জৰিয়তে পুঁজিৰ নিৰ্দেশনা ইত্যাদি সামৰি ল’ব।

উন্মোচনী অনুষ্ঠানত দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে এই সহযোগিতাৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰিছে। ব্ৰিটানিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজনীত সিং কোহলীয়ে মহিলা উদ্যোগীসকলৰ প্ৰত্যাহ্বানসমূহ নোহোৱা কৰি আকাশ চুবলৈ সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই পদক্ষেপে গুৱাহাটীৰ দৰে বজাৰসমূহত যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। উদ্যমিতাৰ আধুনিক দক্ষতাৰে স্থানীয় মহিলাসকলক সৱলীকৰণ কৰা এই কাৰ্যসূচীৰ লক্ষ্য হৈছে ক্ষুদ্ৰ ব্যৱসায়ৰ বৃদ্ধিত উদ্বুদ্ধ কৰা, গুৱাহাটীৰ বজাৰত অৰ্থনৈতিক বৈচিত্ৰ্য আৰু বহনক্ষমতাত অৰিহণা যোগোৱা। মহিলা উদ্যোগীৰ বৰ্ধিত সমৰ্থনে এই অঞ্চলটোত উদ্ভাৱন আৰু বহনক্ষম ব্যৱসায়িক উদ্যোগ দুয়োটাকে লাভান্বিত কৰিব বুলি আশা কৰা হৈছে।