দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰণালয়(এমএছডিই)ৰ জ্ঞান আৰু ৰূপায়ণ অংশীদাৰ ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমে(এনএছডিচি) ছিকিমস্থিত মাধৱী স্কীল বিশ্ববিদ্যালয় (এম এছ ইউ) আৰু হায়দৰাবাদস্থিত আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ডিজাইনিং প্ৰতিষ্ঠান (আই এন আই এফ ডি)ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ জৰিয়তে ফেশ্বন ডিজাইন, ইণ্টেৰিয়ৰ ডিজাইন আৰু সৌন্দৰ্য্য আৰু সুস্থতা(ৱেলনেছ)ৰ ক্ষেত্ৰত বৰ্তমানৰ সময়ৰ হ্ৰস্বম্যাদী পাঠ্যক্ৰম ডিজাইন, কিউৰেট আৰু বিকাশৰ কাৰ্যসূচী হাতত লোৱা হৈছে ।
এই সহযোগিতাৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক ফেশ্বন আৰু ইণ্টেৰিয়ৰ ডিজাইন খণ্ডৰ উদ্যোগৰ সৈতে প্ৰাসংগিক দক্ষতাৰে সজ্জিত কৰা, যাতে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শৈক্ষিক জ্ঞান বাস্তৱ জীৱনৰ যিকোনো পৰিস্থিতিত প্ৰয়োগ কৰিব পাৰে আৰু নিজৰ নিয়োগযোগ্যতা বৃদ্ধি বা সক্ষম কৰি তুলিব পাৰে। ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা ফ্ৰেমৱৰ্ক(NSQF)ৰ নিৰ্দেশনাৰ অধীনত এই পাঠ্যক্ৰমসমূহৰ ডিজাইন কৰা হৈছে। এনএছডিচিৰ চি ই অ’, আইএনআইএফডিৰচিইঅ’ আৰু মাধৱী স্কিল বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্যৰ মাজত এই বুজাবুজি চুক্তিৰ স্বাক্ষৰ কৰা হয়।
এম এছ ইউ ডিগ্ৰী- আৰু ডিপ্লমা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে ডিজাইন ভিত্তিক এচাইনমেণ্ট আৰু বক্তৃতা কক্ষৰ আধাৰিত শিক্ষণৰ জৰিয়তে দক্ষতাভিত্তিক প্ৰশিক্ষণ আৰু ব্যৱহাৰিক এক্সপ’জাৰৰ দ্বাৰা উপকৃত হ’ব। পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত আইএনআইএফডিয়ে অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিব। এই বিষয়ে এনএছডিচিৰ চি ই অ’ আৰু এনএছডিচি ইণ্টাৰনেচনেলৰ এম ডি বেদমণি তিৱাৰীয়ে কয় যে, “এনএছডিচি, এনআইএফডি আৰু এমএছইউৰ মাজৰ অংশীদাৰিত্বই সম্ভাৱ্য ছাত্ৰ-ছাত্ৰীৰ দক্ষতা কঢ়িয়াই অনাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰে, যাৰ ফলত এই খণ্ডটোৱে সফলতাৰ দিশত আগবাঢ়িছে।”