NRCৰ পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে APWৰ গোচৰ

57

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এনআৰচিৰ জৰিয়তে অবৈধ বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে এনআৰচিৰ পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে। আসাম পাব্লিক ৱৰ্কছ চমুকৈ এপিডব্লিউয়ে প্ৰতীক হাজেলাৰ ওপৰত তদন্ত বিচাৰি অপৰাধ অনুসন্ধান শাখাত দাখিল কৰিছে গোচৰ।

এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে প্ৰতীক হাজেলাই এটা ৰাজনৈতিক দলৰ ভোট বেংক হিচাপে ব্যৱহাৰ হৈ অহা বিদেশী নাগৰিকক একাংশ পুঁজিপতিৰ হেঁচাত পৰি ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিছে।

ইফালে প্ৰতীক হাজেলাৰ বিৰুদ্ধে প্ৰমাণসহ এজাহাৰ দাখিল কৰাৰ পিছতো পূৰ্বৰ চৰকাৰৰ হস্তক্ষেপৰ বাবে হাজেলাৰ বিৰুদ্ধে তদন্ত আগবঢ়া নাই বুলিও অভিযোগ উত্থাপন কৰিছে এপিডব্লিউয়ে। বিদেশী নাগৰিকক ষড়যন্ত্ৰমূলকভাৱে ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰাৰ স্বাৰ্থত জড়িত থকা প্ৰতীক হাজেলাৰ বিৰুদ্ধে নতুন চৰকাৰে উচিত তদন্ত আগবঢ়োৱাৰো দাবী জনায় এপডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই।