বছৰৰ পিছত বছৰ ধৰি বন্দীত্বৰ জীৱন কটোৱা এজন যুৱকৰ বাবে এতিয়া কাৰাগাৰৰ অন্ধকাৰ কোঠালিটোৱেই হৈ পৰিছে একমাত্ৰ বাস্তৱ। ২০২০ চনৰ দিল্লী সংঘৰ্ষৰ গোচৰত অভিযুক্ত ছাত্ৰ নেতা উমৰ খালিদে উচ্চতম ন্যায়ালয়ত জামিন লাভ কৰাত ব্যৰ্থ হোৱাৰ পিছত স্বীকাৰ কৰি লৈছে যে এতিয়াৰে পৰা কাৰাগাৰেই হ’ব তেওঁৰ জীৱন। সোমবাৰে উমৰ খালিদৰ সংগী বনজ্যোৎস্না লাহিড়ীয়ে সামাজিক মাধ্যমৰ এটা প’ষ্টৰ জৰিয়তে কাৰাগাৰৰ পৰা উমৰ খালিদে দিয়া এই মৰ্মান্তিক প্ৰতিক্ৰিয়াৰ কথা সদৰী কৰে।
বিচাৰপীঠে জামিন নাকচ কৰাৰ পিছত উমৰে বনজ্যোৎস্নাকে ধৰি তেওঁৰ আপোনজনৰ আগত কয় যে তেওঁৰ সৈতে অভিযুক্ত আন কেইবাজনো লোকে জামিন লাভ কৰাত তেওঁ অত্যন্ত সুখী আৰু সকাহ অনুভৱ কৰিছে। কিন্তু নিজৰ মুক্তিৰ আশা প্ৰায় ত্যাগ কৰি তেওঁ কয় যে এতিয়াৰে পৰা এইয়াই তেওঁৰ জীৱন।
উল্লেখযোগ্য যে কঠোৰ ইউএপিএ আইনৰ অধীনত বন্দী হৈ থকা উমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে থকা অভিযোগসমূহ আন অভিযুক্ততকৈ অধিক গুৰুতৰ বুলি উল্লেখ কৰি আদালতে তেওঁলোকৰ জামিন আবেদন নাকচ কৰে। অৱশ্যে একেটা গোচৰতে অভিযুক্ত গুলফিছা ফাতিমা, মীৰান হাইদৰসহ আন পাঁচজনক আদালতে জামিন প্ৰদান কৰিছে।
উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে উমৰ খালিদৰ পিতৃ এছ কিউ আৰ ইলিয়াছে। আনহাতে বিচাৰপীঠে স্পষ্ট কৰি দিছে যে বৰ্তমানৰ স্থিতিত তেওঁলোকক মুকলি কৰি দিয়াটো যুক্তিসংগত নহ’ব।
উল্লেখ্য যে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীত সংঘটিত হোৱা ভয়ংকৰ সংঘৰ্ষত ৫৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭০০ তকৈ অধিক লোক আহত হৈছিল। এই সংঘৰ্ষৰ মাষ্টাৰমাইণ্ড হোৱাৰ অভিযোগত উমৰক ২০২০ চনৰ ছেপ্টেম্বৰ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল।
