উইম্বলডনৰ ছেমি ফাইনেলত শুকুৰবাৰে নিশা ন’ভাক জ’কভিচক ৬-৩, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰি অল ইংলেণ্ড ক্লাবত প্ৰথমখন ফাইনেলত প্ৰৱেশ কৰে য়ানিক চিনাৰে। ১ নং স্থানত থকা তাৰকাগৰকীয়ে এতিয়া কাৰ্লোছ আলকাৰাজৰ বিৰুদ্ধে খেলিব। ২ নং স্থানত থকা আলকাৰাজে ইয়াৰ পূৰ্বে টেইলৰ ফ্ৰিট্জক ৬-৪, ৫-৭, ৬-৩, ৭-৬ ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।
চাৰি সপ্তাহ পূৰ্বে ফ্ৰেন্স অ’পেনৰ ফাইনেলত ছিনাৰ আৰু আলকাৰাজে মুখামুখি হৈছিল। এইবাৰ দুয়োগৰাকী তাৰকা উইম্বলডনৰ ফাইনেলত মুখামুখি হ’ব। ফ্ৰেন্স অ’পেনৰ ফাইনেলত আলকাৰাজ চেম্পিয়ন হৈছিল। গ্ৰেণ্ড শ্লেমৰ ফাইনেলত ৫-০ ৰ অভিলেখৰে অপৰাজিত হৈ আছে আলকাৰাজে।দুয়োগৰাকী খেলুৱৈয়ে পুৰুষৰ টেনিছৰ মুখ্য তাৰকা আৰু তেওঁলোকে যোৱা সাতখন ডাঙৰ প্ৰতিযোগিতা নিজৰ মাজত জয়লাভ কৰিছে।
যোৱা ছেপ্টেম্বৰ আৰু জানুৱাৰী মাহত জয়লাভ কৰা ছিনাৰে একেৰাহে চতুৰ্থবাৰৰ বাবে গ্ৰেণ্ড শ্লেমৰ ফাইনেলত অংশগ্ৰহণ কৰিছে। দুটা ছেটৰ অগ্ৰগতি নষ্ট কৰাৰ পিছত ৰ’লেণ্ড-গাৰ’ছত তেওঁ বিপৰ্যয়ৰ সন্মুখীন হয়। জ’কভিচৰ পৰাজয়ে তেওঁৰ অষ্টম উইম্বলডন খিতাপ আৰু অভিলেখ ভংগকাৰী ২৫ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ দখলৰ স্বপ্ন ভংগ হয়।
